Monalisa: মহাকুম্ভৰ মনালিছা প্ৰৱেশ কৰিব বলীউডত! ডাঙৰ ছবিৰ অফাৰ লাভ; মুখ্য চৰিত্ৰত অভিনয় কৰিব মনালিছাই

ছ’চিয়েল মিডিয়া এনেকুৱা এটা বস্তু, যাৰ চকুৰ পৰা কোনেও সাৰি যাব নোৱাৰে। শেহতীয়াকৈ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ(Monalisa) পৰিছে, য’ত আই আই টি বাবাৰ পৰা আৰম্ভ কৰি কুম্ভৰ আটাইতকৈ ধুনীয়া সাধৱী, কান্টে ৱালে বাবা বহুতো আশ্চৰ্য্য আছে। এই সকলোবোৰৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে। ইয়াৰে এগৰাকী হৈছে কুম্ভ মেলাত মালা বিক্ৰী কৰা আৰু নীল নয়না চকুৰ বাবে ছ’চিয়েল মিডিয়াত বিখ্যাত মনালিছা।(Mahakumbh) 

ইফালে খবৰ ওলাইছে আগতে ফুটপাথত ৰুদ্ৰাক্ষৰ গুটি বিক্ৰী কৰা মনালিছাই এতিয়া ছবিত কাম কৰাৰ সুযোগ পাইছে। হয়, চলচ্চিত্ৰ নিৰ্মাতা সনোজ মিশ্ৰই তেওঁৰ পৰৱৰ্তী ছবি ‘মণিপুৰৰ ডায়েৰী’ত মনালিছাক মুখ্য অভিনেত্ৰীৰ চৰিত্ৰৰ প্ৰস্তাৱ দিছে। মনালিছা আৰু তেওঁৰ পৰিয়ালে এই ছবিখনত কাম কৰিবলৈ সন্মত হৈছে। এই ছবিখনত মনালিছাই এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব।

এই ছবিখনৰ শ্বুটিং এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ বিভিন্ন স্থানত হ’ব বুলি খবৰ ওলাইছে সামাজিক মাধ্যমত। অক্টোবৰ বা নৱেম্বৰ মাহত মুক্তি পাব ছবিখন। অৱশ্যে শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে মনালিছাই মুম্বাইত তিনিমাহ ধৰি অভিনয়ৰ প্ৰশিক্ষণ ল’ব। সম্প্ৰতি মনালিছা আৰু পিতৃয়ে মহাকুম্ভৰ ৰাইজৰ পৰা হাত সাৰিবলৈ মধ্যপ্ৰদেশৰ মহেশ্বৰস্থিত নিজৰ ঘৰলৈ গৈছে। ছবিখনৰ পৰিচালক সনোজ মিশ্ৰ আৰু তেওঁৰ দলটোৱে দুদিনৰ মূৰত মহেশ্বৰলৈ গৈ মনালিছা আৰু তেওঁৰ পৰিয়ালক লগ কৰিব। তেওঁৰ সৈতে চুক্তি স্বাক্ষৰও তাতেই হ’ব।

জানিব পৰা মতে, মনালিছাৰ সাক্ষাৎকাৰ চোৱাৰ পিছত পৰিচালক সনোজ মিশ্ৰই প্ৰয়াগৰাজ মহাকুম্ভৰ সন্ধানত উপস্থিত হয়। তেওঁ মনালিছাৰ পৰিয়ালৰ সদস্যসকলক লগ পাইছিল। পৰিয়ালৰ লোকে সনোজ মিশ্ৰক মনালিছা আৰু দেউতাকৰ সৈতে মোবাইল ফোনত কথা পাতিছিল। সনোজ মিশ্ৰাৰ মতে, ছবিখনত কাম কৰাৰ প্ৰস্তাৱ শুনি মনালিছা আৰু তেওঁৰ পৰিয়ালটো আনন্দিত হৈছে।

Related Articles