গোসাঁইগাঁও, ২৮ জানুৱাৰী ২০২৫: Gosaingaon । ২২, ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত গোসাঁইগাঁৱৰ বল্লমগুৰিত অনুষ্ঠিত হ’ব নাৰী অধিকাৰ সুৰক্ষা সমিতি (নাছ)ৰ ২৯ তম প্ৰতিষ্ঠা দিৱস আৰু কৃষক অধিকাৰ সুৰক্ষা সমিতি (কাছ)ৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন। অনুষ্ঠান সফল কৰিবলৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।
দিনত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয়খন সমিতিৰ উপদেষ্টা আজিজ খানৰ দ্বাৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত নেতৃবৰ্গই অনুষ্ঠানৰ বাজেট আৰু আনুসাংগিক বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰে। সমিতিয়ে জানিবলৈ দিছে যে অধিৱেশন স্থলীত চৰকাৰে ইতিমধ্যে ১০ বিঘা মাটি দুয়োটা সংগঠনৰ নামত আবন্টন কৰিছে। এই মাটিত এখন বৃদ্ধাশ্ৰম নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে, আৰু তাৰ বাবে সংগঠন দুটাৰে ৰাইজ আৰু জনপ্ৰতিনিধিসকলৰ সহযোগিতা বিচাৰি এখন গোহাৰিপত্ৰ প্ৰকাশ কৰিছে।
তিনিদিনীয়া কাৰ্যসূচীৰ অধিৱেশনটো সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে মহিলা সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী হামিদা খাতুনে অঞ্চলৰ ৰাইজলৈ সহায় সহযোগ আগবঢ়োৱাৰ অনুৰোধ জনাইছে। তদুপৰি, অভ্যৰ্থনা সমিতিৰ সহ-সম্পাদক জালাল উদ্দিন তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত সভাত স্থানীয় নেতৃবৃন্দই অনুষ্ঠানৰ বাবে নিজৰ মতামত প্ৰকাশ কৰি একত্ৰে কৰ্মসম্পাদন কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে।
আহিবলগীয়া তিনিদিনীয়া কাৰ্যসূচীত ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত হ’ব বুলি জানিব পৰা গৈছে। এই অধিৱেশনে অঞ্চলটোৰ লোকসকলৰ মাজত এক নতুন চেতনা আৰু উদ্যমৰ সৃষ্টি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।


 
                                    