Poonam Pandey: মহাকুম্ভত বিখ্যাত মডেল উপস্থিত, সংগমত গা ধুই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

মডেল পুনম পাণ্ডে মৌনি আমাৱস্যাৰ দিনা প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ গংগাত গা ধুলে। (Poonam Pandey)সংগমত গা ধুই সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতা অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।(Mahakumbh)

পুনম পাণ্ডেই কয় যে বিশ্বাসৰ কোনো সীমা নাই। লগতে মহাকুম্ভত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ সন্দৰ্ভতো শোক প্ৰকাশ কৰে। তেওঁ “পৰিত্ৰাণ লাভ”ৰ কথা কৈছিল।

ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, মই মহা কুম্ভত জীৱনটো নিবিড়ভাৱে দেখিছিলো, য’ত এজন ৭০ বছৰীয়া ব্যক্তিয়ে খালী ভৰিৰে খোজ কাঢ়ে, য’ত বিশ্বাসৰ কোনো সীমা নাই। এনে ভক্তিই মোক আচৰিত কৰি তুলিলে। একে সময়তে বুধবাৰে প্ৰয়াগৰাজত সংঘটিত হোৱা ভয়াবহতাত অভিনেত্ৰীগৰাকীয়ে মৃতকৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু আহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

পুনম পাণ্ডেই লিখিছে, যিসকলে প্ৰাণ হেৰুৱাইছে। তেওঁৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বহু ফটোৰ লগতে কিছু চুটি ভিডিঅ’ও শ্বেয়াৰ কৰিছে। য’ত তেওঁ মানুহ লগ পোৱা, নাচি থকা আৰু চৰাইক খুৱাই থকা দেখা যায়।

ইয়াৰ সমান্তৰালকৈ আন কিছুমান ফটো আৰু ভিডিঅ’ত মডেলগৰাকীয়ে সংগমত গা ধুই নমস্কাৰ কৰি সূৰ্য্য ভগৱানক পানী আগবঢ়াই থকা দেখা গৈছে। লগতে তেওঁ মানুহৰ ভিৰ আৰু গংগা আৰতিৰ ভিডিঅ’টোও তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

ছাৰ্ভাইকেল কেন্সাৰত নিজকে ‘মৃত্যু’ ঘোষণা কৰি লাইমলাইটলৈ অহা অভিনেত্ৰী-মডেল পুনম পাণ্ডেই শ্বেয়াৰ কৰা ছবি আৰু ভিডিঅ’ত মহাকাল লিখা ক’লা কুৰ্তা পিন্ধা দেখা গৈছিল।

Related Articles