Sonakshi Sinha: ধুনীয়াকৈ সজাই তোলা ফ্লেটটো বিক্ৰী কৰিবলগীয়া হ’ল সোণাক্ষীয়ে !

বিয়াৰ এবছৰ নহওঁতেই সোণাক্ষীয়ে নিজৰ ঘৰ বিক্ৰী কৰিলে সোণাক্ষীয়ে? মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ফ্লেটটো সোণাক্ষীয়ে মনৰ সন্তুষ্টিৰে সজাইছিল। সেই সকলোবোৰ ছবি ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল। সোণাক্ষীৰ ফ্লেটটো আছিল বান্দ্ৰাৰ বিলাসী কুৰলা হাউছিঙত।(Sonakshi Sinha)

সোনাক্ষী সিনহাই বিয়াৰ বাৰ্ষিকীৰ আগতে নিজৰ ঘৰটো বিক্ৰী কৰিব। ২০২৪ চনৰ জুন মাহত অভিনেত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বেলেগ ধৰ্মত বিবাহপাশত আবদ্ধ হোৱাৰ বাবেও বিতৰ্কৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। কোৱা হয় যে সিনহা পৰিয়ালে প্ৰথমে জাহীৰ আৰু সোণাক্ষীৰ সম্পৰ্কক মানি ল’ব বিচৰা নাছিল। কিন্তু সকলো বাধা নেওচি অভিনেত্ৰীগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়। ঘৰুৱা পৰিবেশত বিয়া পাতিছিল। কোনো ধৰ্মীয় ৰীতি-নীতি নাছিল। অৱশ্যে সোণাক্ষী আৰু জাহিৰে পৃথকে পৃথকে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। কিন্তু বিয়াৰ এবছৰ সম্পূৰ্ণ কৰাৰ আগতেই ঘৰ বিক্ৰী কৰিলে সোণাক্ষীয়ে।


মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ফ্লেটটো সোণাক্ষীয়ে মনৰ ইচ্ছাৰে সজাইছিল। সেই সকলোবোৰ ছবি ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল। সোণাক্ষীৰ ফ্লেটটো আছিল বান্দ্ৰাৰ বিলাসী কুৰলা হাউছিঙত। অঞ্চলটোৰ ৪২২১ বৰ্গফুট আছিল। সেই ফ্লেটটো ২২.৫০ কোটি টকাত বিক্ৰী কৰিলে সোণাক্ষীয়ে। অৱশ্যে ইয়াৰ ফলত তেওঁৰ কোনো বিশেষ ক্ষতি হোৱা নাছিল। জানিব পৰা মতে, অভিনেত্ৰীগৰাকীয়ে ফ্লেটটো ক্ৰয় কৰা মূল্যতকৈ ৬১ শতাংশ বেছি লাভৰ বাবে বিক্ৰী কৰিছিল। ফ্লেটটোত চাৰিটা শোৱা কোঠা আছিল আৰু তিনিখন গাড়ী ৰখাবলৈ সুবিধা আছিল।

বলীউডৰ বহু তাৰকা মুম্বাইৰ বান্দ্ৰাত থাকে। এই বিলাসী অঞ্চলটো চেলিব্ৰিটিৰ প্ৰিয় বুলি কোৱা হয়। বান্দ্ৰাত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, ৰণবীৰ কাপুৰ, আলিয়া ভাট, দীপিকা পাডুকন, তৃপ্তী ডিমৰি, সঞ্জয় দত্ত আদি বহুকেইজন ব্যক্তিয়ে বাস কৰে।

Related Articles