টেঙাখাত আৰক্ষীৰ সাফল্য৷ খেদি খেদি এখন বিলাসী বাহনসহ দুটা গৰু চোৰক আটক৷(Cow Thieves) বিভিন্ন সময়ত টেঙাখাতৰ বহুতো অঞ্চলত গৰু চুৰ হৈ থকা সমান্তৰাল ভাৱে সোমবাৰে নিশা টেঙাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এখন AS 06 AB 0857 নম্বৰ বিলাসী বাহন এজনী গাই গৰুসহ দুজন গৰু চোৰ আটক কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে চোৰে আৰক্ষী গাড়ীখন খুন্দা মাৰি পলাবলৈ চেষ্টা কৰিছিল যদিও পাছত খেদি খেদি আৰক্ষীয়ে চোৰ কেইটা ধৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰকেইটা চাউলখোৱা আলিফ খান (৩২) S/o বাবুলু খান, আজাদ আলি (২৫) S/o আজ মহম্মদ আলি৷ ইয়াৰ পিছতে আৰক্ষীয়ে 12/25 U/S 61(2) 303(2) BNS, R/W Sec 11(1) a নম্বৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে৷

