সৰুসজাই ক্ৰীড়া প্ৰকল্পত ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ঝুমইৰ বিনন্দিনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ অনুশীলন তুংগত।(Jhumoir Binandini)ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ঝুমইৰ নাচৰ অনুশীলনৰ সময়ত শিল্পী সকলৰ সৈতে নাচত অংশগ্ৰহণ কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই। ২৩ফেব্ৰুৱাৰীত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ’ব। ২৭ খন জিলাৰ পৰা আহিছে যুৱক-যুৱতীসকল।(Sarusajai Stadium)

২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত নৃত্য প্ৰদৰ্শন কৰিব। ৯,৬৪৮ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ। ৫,৩৯৯ গৰাকী মহিলা, ২,১৭৫ গৰাকী পুৰুষ। ২,০৭৪ গৰাকী বাদ্য শিল্পীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য।

