Heart Attack: দশম শ্ৰেণীৰ ছাত্ৰী হাৰ্ট এটেকত মৃত্যু, কিয় বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা; শিশুৰ হৃদৰোগৰ লক্ষণ কি কি ?

বৰ্তমান বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা।(Heart Attack) শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লৈকে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা। শেহতীয়াকৈ তেলেংগানাৰ কামাৰেড্ডী জিলাত ২০ ফেব্ৰুৱাৰী তাৰিখে পুৱা স্কুললৈ যোৱা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ১৬ বছৰীয়া ছাত্ৰী শ্ৰী নিধি ৰামাৰেড্ডী মণ্ডল সিংগাৰয়পল্লী গাঁৱৰ বাসিন্দা আছিল আৰু বিদ্যালয়ত পঢ়িবলৈ কমৰেড্ডীত বাস কৰিছিল। বিদ্যালয়ৰ ওচৰতে বুকুৰ বিষত ভুগি মৃত্যু হয়।

স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিধিক দেখি লগে লগে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে তেওঁক পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে যদিও কোনো সঁহাৰি নোপাৱাত তেওঁক আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সেই চিকিৎসালয়তে হাৰ্ট এটেকৰ বাবে শ্ৰী নিধিক মৃত ঘোষণা কৰা হয়।

বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল এই মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়েও কয় যে শ্ৰী নিধিৰ দৰে এগৰাকী কণমানি ছোৱালীৰ হাৰ্ট এটেকত মৃত্যু হোৱাত তেওঁলোক আচৰিত হৈ পৰিছে। তেওঁৰ মৃতদেহ গৃহ চহৰলৈ লৈ যোৱা হয়।

শিশুৰ হৃদৰোগৰ লক্ষণ-

আজিকালি স্কুললৈ যোৱা সৰু সৰু ল’ৰা-ছোৱালী বা কিশোৰ-কিশোৰীৰ হাৰ্ট এটেক হোৱাৰ আশংকা থাকে আৰু এই সমস্য়া বৰ্তমান বেছি হৈছে। সাধাৰণতে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাসৰ বাবে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। হাৰ্টৰ সমস্যা হ’লে শিশুৰ শৰীৰত যেতিয়া কিছুমান অদ্ভুত লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে-

১) সোনকালে ভাগৰুৱা অনুভৱ কৰা: খেলা-ধূলা বা স্বাভাৱিক শাৰীৰিক কাৰ্য্যকলাপৰ সময়ত শিশুৱে সোনকালে ভাগৰুৱা হৈ পৰে।
২) উশাহ-নিশাহত কষ্ট পোৱাঃ যদি শিশুটিৰ কম শাৰীৰিক পৰিশ্ৰমৰ পিছতো উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
৩) ওঁঠ, নখ বা ছাল নীলা হোৱা (Cyanosis): শৰীৰত অক্সিজেনৰ অভাৱৰ বাবে ছাল নীলা হৈ পৰিব পাৰে।
৪) বুকুৰ বিষ বা গধুৰতা- কিছুমান শিশুৱে শাৰীৰিক ক্ৰিয়া-কলাপৰ সময়ত বুকুত বিষ বা চাপ অনুভৱ কৰে।
৫) হৃদস্পন্দন অস্বাভাৱিক (Arrhythmia): হৃদস্পন্দন অতি বেগেৰে, অতি লেহেমীয়া বা অনিয়মিত হ’ব পাৰে।
৬) অজ্ঞান বা মূৰ ঘূৰোৱা: হঠাৎ মূৰ্চ্ছা যোৱা বা মূৰ ঘূৰোৱা হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

Related Articles