ভাল খবৰ ! ছেমিকণ্ডাক্টৰ উদ্যোগত চাকৰি পাব ১৬ হাজাৰ লোক । Semiconductor

Semiconductor । অসমৰ তথ্য-প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰত এক আশাব্যঞ্জক খবৰ আহিছে। জাগীৰোডত স্থাপিত হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ১৬,১০০ জনকৈ লোকে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ উদ্যোগমন্ত্ৰী বিমল বড়াই বিধায়ক অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে।

নিযুক্তিৰ সংখ্যা আৰু বিভাজন: ( আনুমানিক)

উদ্যোগমন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, মুঠ ১৬,১০০ জন নিযুক্তি পাব। ইয়াৰে-

  • ১,৭০০ জন, অভিযন্তা (Engineer)
  • ৯,০০০ জন , টেকনিচিয়ান (Technician)
  • ২,২০০ জন , ছাৰ্ভিচ ষ্টাফ (Service Staff)
  • ১,৬০০ জন, ষ্টোৰ কীপাৰ (Store Keeper)
  • ১০০ জন , ছুপাৰভাইজাৰ (Supervisor)
  • ৬০০ জন, মেনেজাৰ (Manager) হিচাপে নিযুক্তি পাব।

বিনিয়োগ আৰু মাটিৰ ব্যবস্থা:

এই বৃহৎ প্ৰকল্পটোৰ বাবে ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগ অনুমোদিত হৈছে। টাটাই ছেমিকণ্ডাক্টৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ শতাংশ ৰাজসাহায্য লাভ কৰিব। লগতে, ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত ২৫ শতাংশ ৰাজসাহায্য আগবঢ়াব। প্ৰকল্পটোৰ বাবে ইতিমধ্যে ১৭১ একৰ মাটি সংস্থাপন দিয়া হৈছে বুলি উদ্যোগমন্ত্ৰীগৰাকীয়ে জনাইছে।

এই বৃহৎ উদ্যোগৰ ফলত অসমৰ উদ্যোগ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰে।

Related Articles