Breaking

আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন গাৰ্গ

0 2,081

অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰীক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক । আজি পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’ব লাগিব জুবিন ।

সোমবাৰে বিয়লি ৫বজাত পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, এক ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ তৰিছিল জুবিনৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে নিশিতা আৰু প্রস্তুতিৰ ভাষ্য গ্ৰহণ কৰিছিল আৰক্ষীয়ে।

Leave A Reply