Breaking

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি ২৩ গৰাকী লোকক

0 78

মঙলদৈ

বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বুধবাৰে নিশা আহি দৰঙত উপস্থিত হোৱা ৩১ জন লোককো যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰান্টাইন কৰা হৈছে। এই কেইজনকে ধৰি বৃহস্পতিবাৰ পৰ্যন্ত বহিঃৰাজ্যৰ পৰা দৰঙলৈ অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি পালে৷ ইফালে বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত  জিলাখনৰ পৰা ১০৭২ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে ৭৩৭ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে। প্ৰতিবেদন অনুসৰি কোনোটো নমুনাতেই কভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। বহিঃৰাজ্যৰ পৰা আহি চিকিৎসালয়ৰ আছুতীয়া কক্ষত থকা ৯১ জন ব্যক্তিৰ শ্লেষৰ নমুনাতো ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই৷ অৱশ্যে ইয়াৰে ২৩ জনক বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। এই ২৩ জনৰ ভিতৰত জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ৰ পৰা ৭ জনক, দুনী আদৰ্শ চিকিৎসালয়ৰ পৰা ৮ জনক, দেওমৰনৈ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ পৰা ৭ জনক আৰু খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এজনক ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও  তেওঁলোকক ঘৰতে পৰিয়ালসহ আছুতীয়াকৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে৷

Leave A Reply