Sachin Tendulkar: কলিয়াবৰৰ মিছা প’ল’ ক্লাবত শচীন তেণ্ডুলকাৰ, ভিৰৰ মাজতে শচীনৰ ডিঙিত অনুৰাগীৰ গামোচা

কলিয়াবৰৰ মিছাত আজি হঠাতে উপস্থিত হ’ল ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। অসমলৈ এক ব্যক্তিগত ভ্ৰমণ সূচী লৈ অহা তেণ্ডুলকাৰে কলিয়াবৰৰ মিছাত বৃটিছৰ দিনতে স্থাপন কৰা প’ল’ ক্লাবত দিনৰ প্ৰায় ডেৰ মান বজাত পৰিয়ালসহ উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। (Sachin Tendulkar)

তেণ্ডুলকাৰৰ লগত আছিল জীয়ৰী ছাৰা আৰু পত্নী অঞ্জলি। দুপৰীয়া আহাৰ গ্ৰহণ কৰি তেণ্ডুলকাৰে বিয়লি ৩ বাজি ৪৫ মিনিটত প’ল’ ক্লাবৰ পৰা ৰাওনা হয় কাজিৰঙাৰ বৰগছলৈ। বৰগছত নিশাটো কটায় পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব তেণ্ডুলকাৰে। প’ল ক্লাবৰ পৰিয়ালৰ সৈতে ক্ৰিকেটাৰ গৰাকীয়ে কিছু সময় কটোৱাৰ লগতে তেওঁলোকৰ ক্ৰিকেট বেটত স্বাক্ষৰ দিয়ে তেণ্ডুলকাৰে। এটি শিশুৰ টি চাৰ্টটো স্বাক্ষৰ দিলে তেণ্ডুলকাৰে ।

ইফালে শচীন তেণ্ডুলকাৰৰ আগমনৰ কথা গম পাই অগনন অনুৰাগীয়ে প’ল ক্লাবৰ বাহিৰত কৰা দেখা যায়। অনুৰাগীয়ে ভিৰৰ মাজতে হাতত লৈ অনা গামোচাৰে শচীনক শুভেচ্ছা জনোৱা দৃশ্য‌ই উপস্থিত ৰাইজক আমোদ দিয়া দেখা গʼল। পাছত কলিয়াবৰৰ পৰা বিদায় ল’লে শচীন, জীয়ৰী ছাৰা আৰু পত্নী অঞ্জলিয়ে।

Related Articles