আমাৰ বহুতৰে গাল, কপালত পিম্পল ওলাই।(pimples) কেতিয়াবা খাদ্যৰ বাবে, কেতিয়াবা অপৰিষ্কাৰৰ বাবে আধি নানান কাৰণত মুখত পিম্পল ওলাই। আজি আমি আপোনালোকক জনাম স্বাস্থ্যৰ লগত জড়িত কিছুমান কথাৰ বিষয়ে-
কোন কোন মানুহে কেতিয়াও বুটমাহ খাব নালাগে ?
এক প্ৰতিবেদন অনুসৰি বুটমাহত অধিক পৰিমাণৰ অক্সালেট থাকে, গতিকে যিসকল লোকৰ বৃক্কত পাথৰৰ সমস্যা আছে তেওঁলোকে বুটমাহ খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ তেওঁলোকে বুটমাহ খালে সমস্যা আৰু বৃদ্ধি পাব পাৰে।
তেজত কিমান হিম’গ্লবিনৰ প্ৰয়োজন?
হিম’গ্লবিন (Hb) হৈছে ৰক্তকণিকাত পোৱা প্ৰ’টিন আৰু ই কলালৈ অক্সিজেন পৰিবহণৰ বাবে দায়বদ্ধ। কলাত অক্সিজেনৰ সঠিক যোগান নিশ্চিত কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ হিম’গ্লবিনৰ মাত্ৰা বজাই ৰখাটো অতি প্ৰয়োজনীয়। গোটেই তেজত হিম’গ্লবিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰত গ্ৰাম (g/dl) হিচাপে প্ৰকাশ কৰা হয়। পুৰুষৰ বাবে স্বাভাৱিক Hb মাত্ৰা ১৪ৰ পৰা ১৮ গ্ৰাম/ডেচিলিটাৰ; আনহাতে মহিলাৰ বাবে ই ১২ৰ পৰা ১৬ গ্ৰাম/ডেচিলিটাৰ। হিম’গ্লবিনৰ মাত্ৰা কম হ’লে ৰোগী ৰক্তহীনতা (তেজৰ অভাৱ) ৰোগত আক্ৰান্ত হয়। যদিহে ৰক্তকণিকাৰ সংখ্যা অত্যধিক বৃদ্ধি পায় তেন্তে ইয়াক ইৰিথ্ৰ’চাইট’ছিছ বুলি কোৱা হয়, যাৰ ফলত হিম’গ্লবিনৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয়।
কোনটো ভিটামিনৰ অভাৱত শৰীৰত ‘পক্ষাঘাত’ ৰোগ হ’ব পাৰে?
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হ’লে স্নায়ুতন্ত্ৰ আৰু মগজুত বেয়া প্ৰভাৱ পৰে। যাৰ ফলত পক্ষাঘাতৰ দৰে ৰোগৰ জন্ম হ’ব পাৰে।
কোনটো ভিটামিনৰ অভাৱৰ বাবে মুখত পিম্পল ওলাবলৈ আৰম্ভ কৰে?
ভিটামিন ডিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কৰে। ইয়াৰ লগতে ই কেৰাটিন’চাইট আৰু চেব’চাইটৰ বৃদ্ধি আৰু বিভাজনো নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও ভিটামিন ডিত এন্টিঅক্সিডেন্ট আৰু এণ্টি কমেড’জেনিক গুণ পোৱা যায়। সেয়েহে ভিটামিন ডিৰ অভাৱ ব্ৰণৰ অন্যতম কাৰণ হ’ব পাৰে।

