Hs Result 2025: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ইতিহাস, নতুন অভিলেখ ৰচিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে

এটা সময় আছিল যেতিয়া পৰীক্ষাৰ্থীয়ে পৰীক্ষা(Hs Result 2025)দি উঠি ফলাফলৰ বাবে মাহৰ পিছত মাহ জুৰি অপেক্ষা কৰিব লাগিছিল। কিন্তু এইবাৰ পূৰ্বৰ সেই পৰম্পৰাৰ অৱসান ঘটিল। এই বাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল পোন প্ৰথমবাৰৰ বাবে ৪৪ দিনৰ ভিতৰতে ঘোষণা কৰা হ’ল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ১২ টাকৈ ৱেবছাইটত ঘোষণা কৰে ফলাফল । ফলাফল ঘোষণা কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।পৰিষদৰ সচিব নৰনাৰায়ণ নাথে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে এপ্ৰিল মাহতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল‌ ঘোষণা কৰা হৈছে‌ । পৰীক্ষা শেষ হোৱাৰ ৪৪ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে । এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও সৰ্বাধিক আছিল।

সচিবগৰাকীয়ে কয়, “আবেদন কৰা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩ লাখ ৬ হাজাৰ‌ ৯২৫ গৰাকী ‌। তাৰ বিপৰীত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে ৩ লাখ ২ হাজাৰ ৬১৩ গৰাকী শিক্ষাৰ্থী । পৰীক্ষাত উত্তীৰ্ণ হৈছে ২,৪৭,৪৬২ গৰাকী শিক্ষাৰ্থী ।” তেওঁ লগতে কয়, “কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ আৰু বাণিজ্য শাখাত ৮২.১৮ শতাংশ । আনহাতে ভ’কেচনেল বা বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ ।

Related Articles