২নং মৰিটুনী মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আজি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ড , কমলাবাৰী (মাজুলী জিলা) ৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এখন “ৰাইজ মেল:এক গণ জাগৰণ” অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মধ্য মাজুলী পাৰিজাত হাইস্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষক যুগল চুতীয়াৰ পৰিচালনাত শংকৰদেৱৰ শিশু নিকেতন কমলাবাৰী আৰু আইলেণ্ড একাডেমীৰ সাত জন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটৰ পিছতে সভাত সাৰজান নসত্ৰ আৰু ২নং মৰিটুনী মিচিং গাঁৱৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সভাপতি আৰু অংগনবাদীৰ কেন্দ্ৰ কৰ্মী আৰু সহায়িকাৰ উপস্থিতত এখন সজাগতা সভা অনুস্থিত কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ কেন্দ্ৰ সমন্বয়ক বিকাশ বৰাই আঁতধৰা সভাত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলীৰ জিলা সমন্বয়ক তথা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নাৰায়ণ শৰ্মাই। সভাত বিজ্ঞান কৰ্মী বসন্ত বৰা, মানিক বৰুৱাই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত সুন্দৰ মন্তব্য আগবঢ়ায় । সভাত ৰাজহুৱা ফালৰপৰা বক্তব্য আগবঢ়ায় শশীধৰ গামে আৰু ভিতৰুৱা অঞ্চলত এনেধৰণৰ সজাগতা সভা অনুস্থিত কৰা আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সভাপতি সত্যনাথ শইকীয়াই বাটৰ নাটৰ অভিনয় কৰা শিশু শিল্পী সাত গৰাকীক মৰমৰ উপহাৰ আৰু ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছতে সভাপতিৰ মন্তব্যত ড°নাৰায়ন শৰ্মাই সমাজৰ সকলো স্তৰৰে লোকৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়াত গুৰুত্ব আৰোপ কৰে আৰু সমাজৰ কু সংস্কাৰ আৰু অন্ধবিশ্বাস বোৰ আঁতৰাই এখন সুস্থ-প্ৰগতিশীল সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শেষত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰাই শলাগৰ শৰাই আগবঢ়াই আৰু অসমৰ জাতীয় সংগীত পৰিবেশনেৰে সভা ভংগ কৰে।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে