নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সো়মবাৰে সমষ্টিটোৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।পথ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ ধাৰাক অনন্য মাত্ৰা প্ৰদানৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো।নগাঁও চহৰক উন্নয়নৰ নতুত্বৰে জাতিষ্কাৰ কৰাৰ উদ্দেশ্যে আজিও চহৰখনৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূঞাপট্টি শিশু উদ্যানৰ চাৰিসীমাৰ নৱ নিৰ্মিত পকীদেৱাল উদ্ধোধন কৰা হয় বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । এই উদ্যানখনত শিশুৱে উমলি আনন্দ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।আনহাতে নগাঁও পৌৰসভা এলেকাৰ পথৰ উন্নয়নে নগাঁও বাসী ৰাইজক উপকৃত কৰিব বুলিও বিধায়ক গৰাকী আশাবাদী। সো়মবাৰে আধাৰশিলা স্থাপন কৰা পৌৰসভা এলেকাৰ পথ সমূহ হৈছে- ৮ নং ৱাৰ্ডৰ এন বি পি উপপথ, ২২নং ৱাৰ্ডৰ লখিমী পথ, ২নং ৱাৰ্ডৰ ৰামকৃষ্ণ পলি উপপথ,২১নং ৱাৰ্ডৰ লাচিত নগৰ পথ,১ নং ৱাৰ্ডৰ হয়বৰগাঁও হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ ,২নং ৱাৰ্ডৰ শান্তিপুৰ উপপথ,৬নং ৱাৰ্ডৰ হৰিজন কলনি পথ,১৯ নং ৱাৰ্ডৰ ফুলচান্দ বৰা পথ,১৯ নং ৱাৰ্ডৰ ভোলা বৰুৱা পথ,১৯ নং ৱাৰ্ডৰ খুটিকটীয়া কলংপাৰ পথ, ১৬ নং ৱাৰ্ডৰ দেছুৱালী পট্টি পথ,১৬নং ৱাৰ্ডৰ কীৰ্তন ঘৰ পথ আৰু ২ নং ৱাৰ্ডৰ শান্তিপুৰৰ কালী মন্দিৰৰ সমীপৰ ১ নং উপপথ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…