বিশ্ব ক্ৰীড়াংগণত মহামাৰী ক’ৰোনা ভাইৰাছৰ দুঃপ্ৰভাৱ৷ ২০২০ চনটো বিশ্ব ক্ৰীড়াৰ বাবে গৌৰৱোজ্বল হোৱাৰ আশা আছিল৷ এই বৰ্ষতে আয়োজন কৰা হয় কেবাখনো মেগা ইভেণ্ট৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে এতিয়া ইখনৰ পাছত সিখন প্ৰতিযোগিতা স্থগিত কৰিবলৈ বাধ্য হৈ পৰিছে৷ ইতিপূৰ্বে টকিঅ’ অলিম্পিক এবছৰলৈ স্থগিত হ’ল৷ এইবাৰ অক্টোবৰ-নৱেম্বৰত অষ্ট্ৰেলিয়াত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপো স্থগিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ আয়োজক কমিটিৰ এগৰাকী বিষয়াৰ মতে টি-২০ বিশ্বকাপ স্থগিত হোৱাতো প্ৰায় নিশ্চিত বুলিব পাৰি৷ সম্ভৱতঃ অহা সপ্তাহত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিব৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লোৱা হ’ব৷ ২৬ আৰু ২৮ মে’ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ সদস্য ব’ৰ্ডসমূহে অংশ ল’ব টেলিকনফাৰেন্সত৷ ইয়াতেই টি-২০ বিশ্বকাপ স্থগিত কৰাৰো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তদুপৰি এই কনফাৰেন্সত আইচিচিৰ নিৰ্বাচনৰ দিন আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ লগতে ক্ৰিকেটৰ সৰ্বোচ্চ ব’ৰ্ডখনৰ নতুন অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা অন্তিম দিনো নিৰ্ধাৰণ কৰা হ’ব৷ আনহাতে টি-২০ বিশ্বকাপ স্থগিত হ’লে এই সংস্কৰণটো পৰৱৰ্তী সময়ত কেতিয়ালৈ অনুষ্ঠিত কৰিব, সেই সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…