Koliabar press club: প্ৰত্যাহ্বান আৰু জটিলতাৰ মাজত সাংবাদিকৰ সামগ্ৰীক নিৰাপত্তাৰ আহ্বানেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

আজিৰ দিনত প্ৰত্যাহ্বানৰ সন্মুখীন (Koliabar press club) হোৱা অন্যতম বৃত্তি হৈছে সাংবাদিকতা। এসময়ৰ সেৱা এতিয়া বৃত্তি লৈ পৰিৱৰ্তন হৈছে যদিও এই বৃত্তি কিমান সুৰক্ষিত? দহৰ মাজত আনৰ কথাকে বাতৰিৰ মাজেৰে নিৰবাচ্ছিন্নভাৱে বিলাই থকা সংবাদকৰ্মীসকলে এদিন নিজৰ কথাও ক’ব বিচাৰে, ৰাইজক জনাব বিচাৰে নিৰপত্তাহীন সংবাদকৰ্মীৰ বাতৰি সংগ্ৰহৰ জটিলতা আৰু প্ৰত্যাহ্বানৰ কথা।


এনেবোৰ বিষয়েই আলোচিত হ’ল কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত। সংবাদ আৰু সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী। সেয়ে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অভিধা দিয়া হৈছে। সংবাদকৰ্মীসকলে সমাজৰ বাবে সত্য, নিৰপেক্ষ তথ্য প্ৰেৰণ কৰি ৰাইজক সচেতন কৰে। তেওঁলোকে সামাজিক অন্যায়, দুৰ্নীতি আৰু প্ৰশাসনিক ত্ৰুটিসমূহ উন্মোচন কৰি সুশাসন বলৱৎ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কলিয়াবৰ প্ৰেছ ক্লাবে দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু সাংবাদিকসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। এই অনুষ্ঠানে সংবাদকৰ্মীসকলৰ মাজত ঐক্য আৰু পেছাদাৰী দক্ষতা বৃদ্ধিতো অৰিহণা যোগাই আহিছে।


মধ্য অসমৰ অন্যতম সক্ৰিয় সাংবাদিক অনুষ্ঠান কলিয়াবৰ প্ৰেছ ক্লাৱৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু একাদশ দ্বি- বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে সামৰণি পৰে। বৃহস্পতিবাৰৰ পৰা জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ শুকুৰবাৰৰ দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয়। কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৰ্তমান সময়ৰ সাংবাদিকতাৰ বিষয়ে উল্লেখ কৰি কয় – সাংবাদিকসকল সমাজৰ একো-একোজন নিষ্ঠাবান সৈনিক। সাংবাদিক সকলে সমাজখনক সঠিকভাৱে আগুৱাই নিয়াত ব্ৰতী হোৱা উচিত। কিন্তু বৰ্তমান সময়ত ইয়াৰ বিপৰীত অৱস্থা এটা প্ৰত্যক্ষ কৰা যায়। ইয়াৰ বাবে কেৱল সাংবাদিকসকল জগৰীয়া নহয়। সাধাৰণ পাঠক, শ্ৰুতা-দৰ্শক, বাতৰি প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই সামগ্ৰীকভাৱে বিষয়টো অৱলোকন কৰা উচিত।


সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে কয় যে, ‘সম্প্ৰতি সমগ্ৰ বিশ্বত ছপা মাধ্যমৰ বাতৰি কাকতৰ পাঠকৰ সংখ্যা কমিছে। বিশেষকৈ বাতৰি কাকতৰ প্ৰতি যুৱচামৰ আকৰ্ষণ কমিব ধৰিছে। বহু পাঠকে অনলাইন বাতৰি কাকত পঢ়িবলৈ বেছি পচন্দ কৰে। বিশ্বৰ বহু প্ৰতিষ্ঠিত ছপা সংবাদ প্ৰতিষ্ঠানত তলা উলমিছে। ক’ভিড মহামাৰীৰ পিছত অসমত বাতৰি কাকতৰ সংখ্যা যাথেষ্ট হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি ড০ বৰকটকীয়ে কয় – ই অতি উদ্বেগৰ বিষয়।’


একেদৰে, সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড০ ভাৰতী ভড়ালীয়ে ৰামায়ণ, মহাভাৰতৰ দিনৰ লগতে নাৰদ মুনিৰ সাংবাদিকতাৰ প্ৰসঙ্গ উল্লেখ কৰি কয় – এসময়ত সাংবাদিকতা সেৱা আছিল। বৰ্তমান বৃত্তিলৈ ৰূপান্তৰিত হৈছে সাংবাদিকতা। সেয়েহে ইয়াতো বৃত্তিগত দায়বদ্ধতা আহি পৰে। তদুপৰি, “সাংবাদিকৰ আৰ্থিক নিৰাপত্তা নাই” বুলি উল্লেখ কৰি ড০ ভড়ালীয়ে কয় – “ডিজিটেল সংস্কৰণৰ চাহিদা বঢ়া আৰু ৰাজহ হ্ৰাস হোৱাৰ লগে-লগে সংবাদ মাধ্যমসমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সংবাদ মাধ্যমৰ ওপৰত আস্থা ৰাখিও ক’ব লাগিব তেওঁলোকে কোৱা বিষয় সঠিকভাৱে বিশ্লেষণ কৰিব লাগিব। নহ’লে জনসাধাৰণ বিভ্ৰান্ত হ’ব আৰু মহাভাৰতৰ দ্ৰোণাচাৰ্যৰ দৰে অৱস্থা হ’ব। আন চৰকাৰী-বেচৰকাৰী বৃত্তিৰ দৰে সংবাদকৰ্মীৰ আৰ্থিক ৰক্ষা কৱচৰ প্ৰয়োজন। এই ক্ষেত্ৰত সংবাদকৰ্মীসকলে নিজৰ প্ৰাপ্য সমূহৰ সঠিক উপস্থাপনৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব।”


আনহাতে, কলিয়াবৰ প্ৰেছ ক্লাৱৰ সম্পাদক গৌতম বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত কলিয়াবৰ প্ৰেছ ক্লাবে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা ‘টুন্- ৰুং- ডাম্’ বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক উপেন্দ্ৰ বৰকটকীক। এই বঁটাত আছে গামোচা, চেলেং, স্মাৰক, মানপত্ৰ আৰু মাননি। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি বিপুল হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা সভাত স্মৃতিগ্ৰন্থ ‘টুন্- ৰুং- ডাম্’ উন্মোচন কৰি বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কয় – স্মৃতিগ্ৰন্থই একোটা অনুষ্ঠানৰ ইতিহাস সজীৱ কৰি ৰাখে।


সভাত কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, শিক্ষাসেৱী শিৱৰঞ্জন মহন্ত, নগাঁও জিলা জন-সংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, কলিয়াবৰ সমজিলাৰ আৰক্ষী বিষয়া বিপুল চেতিয়া, কলিয়াবৰৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিল্পা দত্তই অংশগ্ৰহণ কৰে। এই সভাতেই বৃহস্পতিবাৰে অনুষ্ঠিত বাতৰি লিখা আৰু বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। সভাৰ আৰম্ভণিতে সমবেত সংগীত আৰু সভাৰ মাজত নৃত্য-গীত পৰিৱেশন কৰা হয়।

Related Articles