কাকপথাৰত নাট সমাৰোহ (Kakopathar News) সম্পন্ন৷ ৬ খনকৈ নাট প্ৰদৰ্শন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰে নাট সমাৰোহ৷
বিভিন্ন ঠাইৰ ন-শিকাৰুৰ অভিনয়েৰে মঞ্চস্থ হোৱা কেইবাখনো নাট কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে।
নাট প্ৰদৰ্শনৰ পূৰ্বে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাট সমাৰোহখনি আনুষ্ঠনিকভাৱে শুভ উদ্বোধন কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই।
প্ৰায় তিনি শতাধিক নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতত অনুৰাগ বৰাৰ পৰিচালনাত ‘শিয়াল পণ্ডিতৰ বিলৈ’, জোনাক বৰাৰ পৰিচালনাত ‘পাৰিম পাৰিমেই’, মৃগাঙ্ক দিহিঙীয়াৰ পৰিচালনাত ‘একলব্যৰ মৃত্যু’, সৌৰভ দহোতীয়াৰ পৰিচালনাত ‘বাঁক’, ৰাজীৱ লোচন বৰাৰ পৰিচালনাত ‘নামৰে কঠীয়া’, অনুৰাগ বৰাৰ পৰিচালনাত ‘শেষ নোহোৱা সাধু’ আদি মুঠ ৬ খন নাট প্ৰদৰ্শন কৰা হয় ৷

