Kaliabor News: সমন্বিত যুৱতীৰ্থ কলিয়াবৰ গাণিকাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সমাপ্তি

কলিয়াবৰ জিলা সত্ৰ (Kaliabor News) মহাসভাৰ পুত্ৰানুষ্ঠান সমন্বিত যুৱতীৰ্থ কলিয়াবৰ সমিতিৰ ব্যৱস্থাপনাত গাণিকা বিষয়ত ১৮ জুলাইৰ পৰা ২৭ জুলাইলৈকে গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী অসম সত্ৰ মহাসভাৰ সংগীতানুষ্ঠান কলিয়াবৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিল্পী টংকেশ্বৰ শৰ্মাই বন্তি প্ৰজ্বলনৰ পিছতেই সমন্বিত যুৱতীৰ্থ কলিয়াবৰ সমিতিৰ সদস্যসকলে বৰগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

প্ৰশিক্ষকদ্বয় ক্ৰমে শ্ৰীশ্ৰীচিপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য মহন্ত, কলিয়াবৰ জিলা বৈদিক সমাজৰ সভাপতি যজ্ঞোৰাম বৰাক অনুষ্ঠানৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। দহ দিনীয়া প্ৰশিক্ষণৰ অন্তত আজি প্ৰশিক্ষাৰ্থীসকলে দুটা শাখাত বিশিষ্ট অতিথিবৃন্দৰ উপস্থিতিত বায়ন- গায়নশৈলী প্ৰদৰ্শন কৰে।

সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি গোস্বামীয়ে আঁতধৰা আৰু কাৰ্য্যকৰী সভাপতি শংকৰ জ্যোতি হাজৰিকা, সম্পাদক দিব্যজ্যোতি বৰা, সহকাৰী সম্পাদক দিল্পুৰঞ্জন হাজৰিকাৰ সহযোগিতা আগবঢ়োৱা অনুষ্ঠানত কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি কৈলাশ গোস্বামী, কাৰ্য্যকৰী সভাপতি কুশদেৱ মহন্ত, সম্পাদক পুষ্কৰজ্যোতি মহন্ত, শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া ভোলানাথ গোস্বামী, শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া কমল চন্দ্ৰ গোস্বামী, শিল্পী দিলীপ বৰা, অমৃত মন্থন শিল্পী সমাজৰ সচিব সমীৰণজ্যোতি হাজৰিকা, কিশলয় সংগীত বিদ্যালয়ৰ অধ্যক্ষ শৰৎ শইকীয়া, শিল্পী অচ্যুত শইকীয়া, ৰামেশ্বৰ হাজৰিকা, পদুম মহন্ত, কেশৱ পাঁচনী, প্ৰেম নাৰায়ণ মহন্তকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।

অমৃত মন্থন শিল্পী সমাজৰ সচিব সমীৰণজ্যোতি হাজৰিকাই প্ৰশিক্ষণৰ গায়ন- বায়নশৈলীক প্ৰশংসা কৰাৰ লগতে খোলবাদ্যৰ আধ্যাত্মিক ব্যাখ্যা আগবঢ়ায়। প্ৰশিক্ষক শ্ৰীশ্ৰী চিপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য মহন্তই অতি কম সময়তে নৱ-প্ৰজন্মৰ কিশোৰসকলে গুৰুজনাসৃষ্ট গায়ন-বায়নশৈলীক আয়ত্ত্ব কৰিবলৈ যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰবাবে সকলোকে আশিস প্ৰদান কৰে। অনুষ্ঠান ৰাইজৰ উপস্থিতিত সফল সামৰণি পৰে।

Related Articles