তৃতীয় দিনাও চলিল ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ধুলি হৈ গ’ল কোটি টকীয়া ৰাজপ্ৰাসাদ ।  EVICTION


 EVICTION । অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় দিনাও অব্যাহত আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি পুৱা ৯:৩০ বজাৰ পৰাই চলিছে প্ৰশাসনৰ বুলড’জাৰ। পুৱাই খেৰবাৰী, ২ নং দয়ালপুৰৰ ৰেংমা বনাঞ্চলত স্থাপন কৰা বৃহৎ বৃহৎ মছজিদ ভাঙি তচনচ কৰি পেলোৱা হয়।

আনহাতে হাৰি নগ’ল ধৰ্মীয় শিক্ষা প্ৰদান কৰা বৃহৎ আকাৰৰ মাদ্ৰাজা সমূহ। প্ৰশাসনৰ বুলড’জাৰ সহায়ত ভাঙি দিয়ে ১৯৯৪ চনত অবৈধভাবে স্থাপিত ৩ নং দক্ষিণ দয়ালপুৰত অৱস্থিত “নুৰুল উলুম ৩ নং দক্ষিণ দয়ালপুৰৰ হাফিজিয়া মাদ্ৰাছা” গৃহ। অভিযোগ মতে এই বৃহৎ আকাৰৰ মাদ্ৰাছা সমূহতে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাৰ লগতে বিভিন্ন অনৈতিক কায্য কলাপত উদগণি যোগোৱা শিক্ষা লাভ কৰি বহু অপৰাধজনিত কায্যকলাপত লিপ্ত হোৱাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ। আনহাতে, এই মাদ্ৰাছা সমূহতে শিক্ষা গ্ৰহণ কৰি একাংশ মীয়াই এতিয়া অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ’ল বুলিও সচেতন মহলত চর্চা চলিছে। বেদখল হোৱা বনভূমি উদ্ধাৰৰ কায্য চলি থকা এই অভিযানৰ আজিৰ দিনটোত ৫ খন গাঁৱত একেলগে ১০০ৰো অধিক বুলড’জাৰ চলাই অবৈধ ভাৱে বসতি স্থাপন কৰা ৭০০ ৰো অধিক বাসগৃহ উচ্ছেদ কৰে প্ৰশাসনে। আজিৰ অভিযানত ২ নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, ৩ নং দলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ আদি অঞ্চলসমূহত অভিযান চলে। এই অঞ্চলবোৰত বৃহৎ পৰিসৰত গঢ় লৈ উঠা কোটি কোটি টকীয়া ৰাজপ্ৰাসাদ সদৃশ পকী ঘৰ, কাঠৰ ঘৰ আদি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি বছৰ বছৰ দিন ধৰি অবৈধ লোকে বেদখল কৰি আহিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে। ইয়াৰ ফলস্বৰূপে বনাঞ্চল ধ্বংস হোৱাৰ লগতে জৈৱবৈচিত্র্যৰো ওপৰত প্ৰভাৱ পৰিছিল। অৱশেষত ৰাজ্যৰ উচ্চ পৰ্যায়ৰ নিৰ্দেশনা আৰু আদালতৰ অনুমতিৰ পিছত জিলা প্ৰশাসন আৰু বন বিভাগে বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান হাতত লয়। উল্লেখ্য যে দ্বিতীয় দিনা, অর্থাৎ ৩০ জুলাই তাৰিখে পিঠাঘাট অঞ্চলত ১৮০ টা আৰু সোনাৰীবিলত ৯৮ টা অবৈধ ঘৰ ভাঙি পেলাইছিল প্ৰশাসনে। ইপিনে আইন-শৃংখলা পৰিস্থিতিৰ বাবে ব্যস্ত হৈ আছে ১০০০ ৰো অধিক আৰক্ষী বাহিনী। বৃহৎ সংখ্যক অসম আৰক্ষীৰ বিশেষ শাখা, বন সংৰক্ষণ বাহিনী, CRPF আদিক মোতায়েন কৰি অঞ্চলটোক বেষ্টনী সৃষ্টি কৰা হৈছে যাতে কোনো অশান্তি পৰিবেশৰ সৃষ্টি নহয়। একাংশই এই উচ্ছেদক সমৰ্থন জনালেও, আন একাংশই এই উচ্ছেদৰ বিৰোধীতা কৰিছে। এই উচ্ছেদ অভিযান কিছুদিনলৈ অব্যাহত থাকিব বুলি প্ৰশাসনে উল্লেখ কৰিছে। আনহাতে প্ৰশাসনে উচ্ছেদ কৰা স্থানত পুনৰ বসতি স্থাপন কৰিবলৈ অহাৰ খবৰ পাই ৫ জন লোকক প্ৰশাসনে আটক কৰাৰ খবৰ আহিছে। যোৱা কালি উচ্ছেদ কৰা সোনাৰীবিল তাপুত পুনৰ বেদশলকাৰীয়ে জুপুৰি নিৰ্মান কৰিবলৈ অহা কথা পোহৰলৈ অহাৰ পাছত আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হৈ ৫ জন লোকক আটক কৰি ,সোধা পোচা অব্যাহত ৰাখিছে। আজিৰ এই অভিযান কালত ৰাজ্যৰ মুখ্য সচিব এম. কে. যাদব, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, জিলা আয়ুক্ত, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে এই ঠাই সমূহৰ পৰাই একাংশ বেদখলকাৰীয়ে চুপাৰী, ড্ৰাগছ, ভাং, কানি, অৰুণাচলী সুৰা, অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায়, কাজিৰঙাত গড় হত্যা আদিৰ দৰে জঘন্য অপৰাধৰ এখন ক’লা সাম্ৰাজ্য গঢ়ি তুলিছিল। ইপিনে শ শ বিঘা বন বিভাগৰ ভূমি বেদখল কৰি তাত তামোলৰ খেতি কৰি সেই তামোলৰ চুপাৰিৰ সৈতে বাৰ্মিজ চুপাৰি মিহলাই চুপাৰিৰ এখন বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছিল।

Related Articles