অসমৰ এগৰাকী (Tabu Ram Taid) বিশিষ্ট শিক্ষাবিদ, অসমৰ শিক্ষা প্ৰশাসনৰ কেইবাটাও মুৰব্বী আসন দক্ষতাৰে অলংকৃত কৰোঁতা, আনন্দৰাম বৰুৱা ভাষা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক, বিশিষ্ট ভাষাবিদ, মিচিং ভাষাৰ পিতৃ স্বৰূপ অধ্যাপক টাবুৰাম টাইদ দেৱৰ স্মৃতিত গোগামুখস্থিত তেখেতৰ সমাধিক্ষেত্ৰত টাবুৰাম টাইদ সোঁৱৰণী সংগ্ৰাহলয় আৰু পুথিভঁৰাল আজি শুভ উদ্বোধন কৰা হয়।

উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা আগবঢ়োৱা হয় , য়েচে দৰজে ঠংছি, অৰুণাচল প্ৰদেশ। টাবুৰাম টাইদ সোঁৱৰণী মিচিং সাহিত্য বঁটা আগবঢ়োৱা হয় ডা: বিদ্যেশ্বৰ দলে জʼনাই( জোনাই)। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হয় গুৱাহাটীৰ পংকজ কুমাৰ দত্তলৈ।

