গুৱাহাটী দবা একাডেমীৰ (Chess) খেলুৱৈলৈ ফিডে ৰেটিং। গুৱাহাটী দবা একাডেমীৰ তিনিজন উদীয়মান খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে ফিডে ৰেটিং লাভ কৰিছে।

২০২৫ চনৰ ১ জুলাই তাৰিখে প্ৰকাশিত ফিডে ৰেটিং তালিকা অনুসৰি, মৈত্রভ বৰুৱাই ১৪৬২, আৰ্যমান ৰায়ে ১৪৩১, আৰু আৰিয়ান চাৰিঅই ১৪২১ ৰেটিং পইণ্ট অৰ্জন কৰিছে।

এই ৰেটিংসমূহ গুৱাহাটীত ২০২৫ চনৰ ৮ জুলাইৰ পৰা ১৪ জুলাইলৈ আয়োজিত ৭ম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত তেওঁলোকৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ আধাৰত প্ৰদান কৰা হৈছে।

বৰ্তমান মৈত্রভ, আৰ্যমান আৰু আৰিয়ান গুৱাহাটী দবা একাডেমীত ফিডে ইনষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ লৈ আছে। একাডেমীৰ মুখ্য প্ৰশিক্ষক শ্ৰী প্ৰণৱ কুমাৰ নাথে খেলুৱৈসকলক অভিনন্দন জনাইছে।

