Richest Actress: ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰীগৰাকী কোন? যাৰ সম্পত্তি ৪৬০০ কোটি, তেওঁৰ আছে এজন ধনী ব্যৱসায়ী স্বামীও

হিন্দী চলচ্চিত্ৰ জগতৰ ১১১ বছৰ সম্পূৰ্ণ হ’ল। (Richest Actress) এই আটাইকেইটা বছৰত ভাৰতত বহু নায়িকা জন্ম হৈছে। কিন্তু, আজি আমি আপোনালোকক ক’ম ভাৰতৰ সেই সৌন্দৰ্য্যৰ কথা যিয়ে বহু বছৰ ধৰি ধনৰ ক্ষেত্ৰত এক নম্বৰ স্থান দখল কৰি আছে। বিশেষ কথাটো হ’ল আগৰ তুলনাত এতিয়া সেই অভিনেত্ৰীগৰাকী ছবিত কম সক্ৰিয় হৈ পৰিছে। এই ধনী অভিনেত্ৰীগৰাকীৰ বিষয়ে জানো আহক-

৫৭ বছৰীয়া এগৰাকী ধনী ব্যক্তি। কেৱল এয়াই নহয়, ১৯৮৪ চনত মিছ ইণ্ডিয়া খিতাপ লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। ৩৯ বছৰ ধৰি হিন্দী চলচ্চিত্ৰ জগতত ৰাজত্ব কৰি থকা এইগৰাকী সুন্দৰী অভিনেত্ৰীৰ নাম হৈছে জুহি চাওলা।

জুহি চাওলাই ‘চুলতানত’ ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৬ চনত মুক্তি পাইছিল এই চিনেমাখনে।ইয়াৰ পিছত তেওঁ বলীউডৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল। ‘কায়ামত সে কায়ামত টক’, ‘স্বৰ্গ’, ‘বল ৰাধা বল’, ‘ৰাজু বান গয়া জেন্টলমেন’, ‘হুম হায় ৰহী প্যাৰ’ আদি বহু ব্লকবাষ্টাৰ চিনেমা আগবঢ়াইছিল।

জুহি চাওলাৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। অভিনয় আৰু সৌন্দৰ্য্যৰে বলীউডত নিজৰ নাম বিখ্যাত কৰাৰ পিছত জুহিয়ে কেমেৰাৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। এই সময়তে তেওঁ এনে কিছুমান বিনিয়োগ কৰিছিল তেতিয়া তেওঁ হৈ পৰিছিল আটাইতকৈ ধনী সুন্দৰী। বন্ধু তথা সহ অভিনেতা শ্বাহৰুখ খানৰ সৈতে জুহীয়ে আৰম্ভ কৰে ড্ৰিমছ আনলিমিটেড, যিটো পিছলৈ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট নামেৰে এটা সফল প্ৰডাকচন হাউচত পৰিণত হয়।

এই কোম্পানীটোৰ অধীনত ‘মেইন হুন না’, ‘চক দে ইণ্ডিয়া’ আৰু ‘ৰাৱন’ আদি বহু ছবি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত জুহীয়ে শ্বাহৰুখ খান আৰু ডাঙৰ ব্যৱসায়ী তথা স্বামী জয় মেহতাৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল দলটো আৰম্ভ কৰে। বিগত কেইবাবছৰ ধৰি এই আই পি এল দলটোৰ ব্ৰেণ্ড ভেলু বহু পৰিমাণে বৃদ্ধি পাইছে।

এই সকলোবোৰৰ বাহিৰেও জুহিৰ ৰিয়েল এষ্টেট, সেউজ শক্তি আৰু স্বাস্থ্য সুস্থতাৰ দৰে বহু খণ্ডত বিনিয়োগ আছে। যাৰ বাবে তেওঁ ধন-সম্পত্তি ক্ৰমাগতভাৱে বৃদ্ধি পাই থাকিল। হুৰুণ ৰিচ লিষ্ট ২০২৪ৰ প্ৰতিবেদন অনুসৰি জুহি চাওলা ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰী যাৰ সম্পত্তিৰ পৰিমাণ ৪৬,০০ কোটি টকা।

Related Articles