AGP & BJP । বিজেপিৰ গীতাঞ্জলি হাজৰিকা সভানেত্ৰী – অগপৰ জয়শ্ৰী মণ্ডল উপসভানেত্ৰী হিচাপে নিৰ্বাচিত । উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ

নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক জিলা আয়ুক্তই শপত বাক্য পাঠ কৰোৱাই ।আজিৰ সভাতেই আগন্তুক পাচ বছৰৰ বাবে বিজেপি – অগপ মিত্ৰযোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন কৰা হয়। সেই অনুসৰি উৰিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ সদস্যা বিজেপিৰ গীতাঞ্জলি হাজৰিকাক সভানেত্ৰী আৰু আমবাগান জিলা পৰিষদ সমষ্টিৰ সদস্যা অগপৰ জয়শ্ৰী মণ্ডলক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে । উল্লেখযোগ্য যে, এইবাৰৰ নগাঁও জিলা পৰিষদৰ সভাপতি আসনখন মহিলাৰ বাবে সংৰক্ষিত আৰু উপ-সভাপতি আসনখন অনুসূচীত জাতি (মুকলি) বাবে সংৰক্ষিত কৰা হৈছিল । ২৭ খন আসন বিশিষ্ট নগাঁও জিলা পৰিষদৰ ১৪ খন আসন দখল কৰি বিজেপি – অগপ মিত্ৰযোটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কংগ্ৰেছ দলে ১৩ খন আসন দখল কৰি বিৰোধীৰ আসনত বহিবলগীয়া হয়। সভাত উপস্থিত বিশিষ্ট ব্যক্তি আৰু নৱ নিৰ্বাচিত সদস্যসকলৰ অনুৰোধ ক্ৰমে, জিলা আয়ুক্তই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিবেশন কৰি নৱ নিৰ্বাচিত সদস্যসকলক উক্ত গীতৰ অন্তৰ্নিহিত কথাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায় । সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস , নুৰুল হুদা, শিবামণি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পুলক বিশ্বাস, বগৰিগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবেন কুমাৰ বর্মন ,কঠীয়াতলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেতা পদ্ম শৰ্মাকে প্ৰমুখ্য কৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নগাঁও জিলা পৰিষদৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে । ইপিনে সংবাদ মাধ্যমৰ আগত ৰাজহ মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলা পৰিষদৰ নিৰ্বাচিত সভানেত্ৰী ,উপসভানেত্ৰী সহ জিলা পৰিষদৰ সমুহক শুভেচ্ছা জনাই কয় অহা পাঁচবছৰৰ বাবে গঠন হোৱা নগাঁও জিলা পৰিষদে নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশত সৰ্বাধিক গুৰুত্ব দিব। পঞ্চায়ত ব্যৱস্থা গতিশীল কৰিবৰ বাবে জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি সকলে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।তেওঁ পঞ্চায়তৰ কাম কাজ স্বচ্ছ আৰু নিকা হয় ,তাৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্বাচিত প্ৰতিনিধি সকলক আহ্বান জনাই।

