Ripun Bora । উচ্ছেদ অভিযান আৰু উজনি অসমৰ কেইবাখনো অঞ্চলত দেখা দিয়া সন্দেহযুক্ত নাগৰিক বিতৰ্কৰ পটভূমিত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ। আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায়।

ৰিপুণ বৰাই অভিযোগ কৰে, “মুখ্যমন্ত্ৰীয়ে নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ব্যৰ্থ হোৱা বাবেই আজি ৰাইজক বন্দুক লৈ নিজৰ নিৰাপত্তা নিজে কৰাৰ আহ্বান জনাইছে। এই কাৰ্যই প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী ৰাজ্য শাসনত সম্পূৰ্ণভাৱে ব্যৰ্থ।” তেওঁ শঙ্কা প্ৰকাশ কৰে যে “মিঞা বিচাৰৰ” নামত উজনি অসমত আইন-শৃংখলাৰ অৱস্থা দিন দিন অবনতি ঘটিছে।

তেওঁ কয়, নামনি অসমৰ কিছুমান মুছলমান ব্যক্তি পেটৰ তাড়নাত কামৰ সন্ধানত উজনি অসমলৈ গৈছে, ঠিক তেনে ধৰণে অসমৰ বহু যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈ থাকে। কিন্তু ৰাজ্য চৰকাৰে নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মৌলিক দায়িত্বত ব্যৰ্থ হৈছে। যদি বাংলাদেশী নাগৰিক থাকিলে তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৰিপুণ বৰাই।
অসম চুক্তি প্রসঙ্গত তেওঁ স্পষ্টকৈ কয়, “১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে — এইয়াই কংগ্ৰেছৰ আপোচবিহীন স্থিতি। কিন্তু সন্দেহজনক বুলি উল্লেখ কৰি ভাৰতীয় নাগৰিকক হয়ৰানি কৰা সংবিধানবিৰোধী।”
ৰিপুণ বৰাই মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি সৰাসৰি প্ৰশ্ন তোলে, “যি জন অসম চুক্তি নস্যাৎ কৰি কা’ আইন জাপি দিব পাৰে, তেওঁ কেনেকৈ অসমপ্ৰেমী হ’ব পাৰে?” তেওঁ স্মৰণ কৰায় যে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে দাখিল কৰা প্ৰতিবেদন চৰকাৰে আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। “যদি আপুনি সত্যই অসমপ্ৰেমী, তেন্তে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰক” — আহ্বান জনায় তেওঁ।
শাসকীয় বিজেপি চৰকাৰৰ খিলঞ্জীয়া প্ৰেমৰ দাবীও ৰিপুণ বৰাই অস্বীকাৰ কৰি কয়, “এই চৰকাৰ প্রকৃততে খিলঞ্জীয়া বিৰোধী।” লগতে তেওঁ ৰাজ্যৰ সকলো জাতীয় সংগঠনক অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।
সংবাদমেলৰ অন্তত তেওঁ কয়, “অসম হিংসা আৰু ঘৃণাৰ ঠাই নহয়। এই মাটি শঙ্কৰদেৱ, লাচিত আৰু আজান ফকীৰৰ দেশ। আমি সকলোৰে দায়িত্ব শান্তি আৰু সম্প্ৰীতি বজাই ৰখা।”

