অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা “মোৰ ভ্ৰমণ ডায়েৰী” অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা “হেঁপাহৰ আবিৰ” শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা “স্মৃতিৰ সঁফুৰা” কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা “জ্যোতি” গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা “নৱ যুৱ সমাজঃ তেজস্বী কলম” মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা “মোৰ মুক্ত চিন্তা” নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…