15 th august 2025 । স্বাধীনতা দিৱসৰ পূৰ্বে নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধৰ আহ্বান জনালে। এন এছ চি এন/জি পি আৰ এনৰ সৈতে যৌথভাৱে প্ৰকাশিত এই বিবৃতিত সংগঠনটোৱে স্বাধীনতা দিৱসক “ভুৱা স্বাধীনতা” বুলি আখ্যা দি ক’লা দিৱস হিচাপে পালন কৰাৰ আহ্বান জনায়।

বিবৃতিত সংগঠনটোৱে অভিযোগ তোলে যে, পশ্চিমা দক্ষিণ পূৱ এছিয়া (WeSEA) অঞ্চলৰ থলগিৰি জনগণক ভাৰতীয় ৰাষ্ট্ৰে স্বাধীনতাৰ ৭৯ বছৰৰ ভিতৰেও কেৱল প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা আৰু দমন-উৎপীড়নেই দিয়ে আহিছে। সংগঠনটোৱে এই দিনটোক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ দৰে এক অটুট দাসত্বৰ স্মৃতি বুলি উল্লেখ কৰে।

আলফা (স্বা)ৰ মতে, ভাৰতীয় দখলদাৰী শক্তিয়ে এই অঞ্চলত অনীতিৰে সামৰিক শক্তি প্ৰয়োগ কৰি যুদ্ধ অব্যাহত ৰাখিছে, যাৰ ফলত অসংখ্য যন্ত্রণা আৰু দুখ-কষ্টৰ সৃষ্টি হৈছে। সংগঠনটোৱে বিশ্ববাসীক সঁচা ইতিহাস বুজি স্বাধীনতাৰ মৰ্ম্মৰ নৈতিক সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনায়।
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, ঔপনিৱেশিকতাবাদৰ পৰা মুক্তিৰ বাবে বহুতে জীৱন বিসৰ্গিৎ কৰিছে, সেইহেতু সার্বভৌম স্বাধীনতা ভাৰতৰ হাতত তুলি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। সংগঠনটোৱে প্ৰতিগৰাকী মুক্তিকামী জনগণক অঙ্গীকাৰ ল’বলৈ আহ্বান জনাইছে যে, ওপজা মাটিৰ শেষ মুক্তিকামী ব্যক্তিজন জীয়াই থকা পৰ্যন্ত স্বাধীনতাৰ সন্ধান এৰি নিদিব।
১৫ আগষ্টৰ বন্ধৰ সময়সূচীও সংগঠনটোৱে ঘোষণা কৰিছে। ১৫ আগষ্টৰ নিশা ১২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ চলিব এই সৰ্বাত্মক বন্ধ। যদিও স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যসূচী বন্ধৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।
সংগঠনটোৱে স্বাধীনতা দিৱসৰ সকলো চৰকাৰী কাৰ্যসূচী পৰিহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

