নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon

Nagaon । নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে। নগাঁও জিলাৰ ঐতিহাসিক ঢাকাপট্টিৰ নাম আজিৰ পৰা সলনি কৰি ‘ৰূপকোঁৱৰ চ’ক’ ৰূপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত জিলা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

নতুন নামকৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সন্মানত কৰা হৈছে। ঢাকাপট্টিৰ প্ৰৱেশ পথ — আৰ ডি এণ্ড চঞ্চ চাৰিআলি পৰা ছায়াৰ ষ্ট’ৰ চাৰিআলি পর্যন্ত অংশক ‘ৰূপকোঁৱৰ চ’ক’ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্যভাৱে, আৰ ডি এণ্ড চঞ্চ চাৰিআলিত অৱস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি এই নামকৰণৰ প্ৰেৰণা।

ইয়াৰোপৰি, ছায়াৰ ষ্ট’ৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈ অঞ্চলটো বৰবজাৰ নামেৰে জনা যাব। দুই দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে নাম সলনিৰ নিৰ্দেশ দিয়াৰ পিছত বিধায়ক ৰূপক শৰ্মাৰ পৰামৰ্শ অনুসৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

প্ৰশাসনৰ এই সিদ্ধান্তক নগাঁৱবাসীয়ে আনন্দেৰে স্বাগতম জনাইছে আৰু এই নামকৰণক ঐতিহাসিক উদ্যোগ হিচাপে অভিহিত কৰিছে।

Related Articles