ARMS LICENCE । খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লৈ অসম চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে অনলাইন আবেদন ব্যৱস্থা আৰম্ভ কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে বন্দুকৰ লাইচেন্সৰ বাবে আবেদনৰ ব্যৱস্থা উদ্বোধন কৰে।
চৰকাৰে স্পষ্ট কৰিছে যে, অসমৰ স্পৰ্শকাতৰ আৰু অসুৰক্ষিত অঞ্চলত বাস কৰা ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, “কিছুমান জিলা আছে য’ত এখন গাঁৱৰ ২০-২৫ হাজাৰ মানুহে ঘেৰী ধৰি আছে আৰু মাজত ১০০ জন মানুহে এখন সত্ৰত থাকে। এনে পৰিস্থিতিত আমি বন্দুক, মাটি আৰু অধিকাৰ দিয়াৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। সনাতন ধৰ্মৰ সুৰক্ষা আমাৰ কৰ্তব্য।”
বন্দুকৰ অনুজ্ঞাপত্ৰ লাভৰ যোগ্যতা
- আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- বয়স ন্যূনতম ২১ বছৰ।
- অসমৰ স্পৰ্শকাতৰ অঞ্চলৰ বাসিন্দা হ’ব লাগিব।
- মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব।
- বৈধ অস্ত্ৰচালনা প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থাকিব লাগিব।
- অসমত তিনিটা প্ৰজন্ম ধৰি বাস কৰি থকা হ’ব লাগিব।
আবেদন প্ৰক্ৰিয়া
যোগ্যতা থকা ব্যক্তিসকলে সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন পঠিওৱাৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ে নিৰাপত্তাৰ মূল্যায়ন, পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ কৰি বিদ্যমান আইনৰ সৈতে মিলাই অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।

