kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা

ঘোষণা হ’ল কলিয়াবৰ জিলা ছোৱালী ক্ৰিকেট দল। (kaliabor news) গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা অনুৰ্ধ্ব ১৯ বছৰৰ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দলটো ৰাওনা হৈছে।

উইকেট কীপাৰ বেটাৰ অন্তৰা দাসৰ নেতৃত্বত ঘোষিত দলটোৰ আন খেলুৱৈসকল হ’ল – কবিতা মূৰ্মু (সহ: অধিনায়িকা), সুনীতা মণ্ডল, চিয়া কটোৱাল, সমীক্ষা এছ. গগৈ, মুস্কান কুমাৰী, ঝুম্‌কী দেৱনাথ, পিঙ্কী দাস, পূৰ্ণাশ্ৰী দেৱী, উপাসনা হাজৰিকা, লক্ষ্মী খাৰিয়া, ৰাণী ৰংপিপী, লক্ষ্মী দাহাৰিয়া, মৃদুলা বৰা, দেবাশ্ৰী গোঁহাই আৰু তৃষ্ণা গোঁহাই।

ষ্টেণ্ড বাই : মনময়ুৰী হাজৰিকা, উপাসনা দেৱী আৰু দিক্ষীতা গোঁহাই। দলটোৰ মেনেজাৰ গকুল নাথ আৰু প্ৰশিক্ষক বেদান্ত বিজয় শইকীয়া। অহা ২৩ আগষ্ট তাৰিখে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত নগাঁও দলৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব। ২৫ আৰু ২৭ আগষ্ট তাৰিখে কলিয়াবৰ দলটো ক্ৰমে গুৱাহাটী আৰু বঙাইগাঁৱৰ মুখামুখি হ’ব।

Related Articles