Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

“সমাজ জীৱনৰ একাংশ (Goalpara News) মানুহে খাজনাতকৈ বাজনা বেছি বজায়; ২৫ পইছাৰ কাম কৰি ৭৫ পইছাৰ বাজনা বজায় ৷ ইফালে সমাজত এনে কিছু মানুহ আছে যি এশ টকাৰ কাম কৰি এক টকাৰো মূল্য নিবিছাৰে ৷” গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয় । ভাষণ প্ৰসংগত বৰাই লগতে কয় যে “অসম সাহিত্য সভাক ভাল পোৱা কাৰণেই সৰু কিবা ভুল হ’লেই সমালোচকসকলে আন্তৰিকতাৰে শুধৰাই দিয়ে। সেয়া তেখেতসকলৰ সাহিত্য সভাৰ প্ৰতি থকা দায়বদ্ধতা। তেখেতসকলৰ উপদেশ মৰ্যদা সহকাৰে গ্ৰহণ কৰি সাহিত্য সভাৰ কামত ব্ৰতী হ’বলৈ সকলো সদস্যকে মই আহ্বান জনাইছো।” দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ আতিথ্যত আজি বর্ণাঢ্য কার্যক্রমণিকাৰে অম্বুক প্রাগজ্যোতিষ শিল্পী সংঘত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্র নাথৰ পৌৰোহিত্যত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি জিতুমণি দাসে।

উদ্বোধকৰ ভাষণত তেওঁ গোৱালপাৰা জিলা সাহিত্য সভাৰ ইতিহাস আৰু কৰ্মসূচীৰ ব্যাখ্যা দাঙি ধৰে। গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বর্মন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি তাবক বাচুঙে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰ ভাষণত ক্ৰমে ড০ বৰ্মনে অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাম-কাজৰ প্ৰশংসা কৰি গোৱালপাৰাত পুনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ অনুৰোধ জনায়; অন্যগৰাকী বিশিষ্ট অতিথি নাথে সকলোকে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি সভাৰ সেৱাত ব্ৰতী হ’বলৈ অনুৰোধ জনায়। বাচুঙেও ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ পতাকাৰ তলত সমৱেত হৈ গৌৰৱ অনুভৱ কৰে বুলি ব্যক্ত কৰে।

সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ‘গোৱালপাৰা জিলা সাহিত্য সভা বার্তা’ উন্মোচন কৰা সভাখনত আমন্ত্রিত অতিথি হিচাপে গোৱালপাৰা জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি সুশীল ৰায়, বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কছাৰী, অসম সাহিত্য সভাৰ চৰ চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ উপসভাপতি ছজিমুদ্দিন আহমেদ, ৰামধেনু উপসমিতিৰ আহ্বায়ক ড০ জ্ঞানশ্ৰী বৰা, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, উপসভাপতি নাং অঞ্জনা গগৈ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাণীকান্ত ৰাভা, উপসভাপতি ইউছুফ আলি, ডা০ জয়ন্ত দাস, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত দিৱাকৰ দাসৰ সম্বৰ্ধিতব্য সুপত্নী ধৰ্মদা দাস, গোৱালপাৰা জিলা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য-সদস্যা, সমূহ শাখা সভা আৰু উপ-সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে দুই শতাধিক সাহিত্য অনুৰাগীৰ সহযোগিতাত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা মুকলি সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে।


অন্যহাতে, প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি জয়চন্দ্র নাথে । ৯ বজাত ক্ৰমে বন্তি প্রজ্বলন কৰে দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ সভাপতি প্রতুল ৰাভা আৰু স্মৃতি তর্পণ কৰে জিলা সম্পাদক শিৱ প্রসাদ ৰাভা হাদুৱে। ৯-১৫ বজাত গছ পুলি ৰোপণ কৰে ক্ৰমে গোৱালপাৰা জিলা সাহিত্য সভাৰ উপসভাপতি ইউছুফ আলী, দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ উপদেষ্টা মদন ৰায়, অম্বুক ৰাইজৰ সভাপতি ভবেন খাখলাৰী, দুধনৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ ভৈৰৱ কছাৰীয়ে। ইয়াৰ পিছতে পুৱা ৯-৩০ বজাৰ পৰা গোৱালপাৰা জিলা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ জয়ন্ত দাসৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্যানুষ্ঠানত বহু সংখ্যক কবি-সাহিত্যিকে নৃত্য-গীত পৰিৱেশন, কবিতা পাঠ আৰু সাধুকথা কোৱা সাহিত্যালাপত অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়া ৬-০০ বজাত সামূহিক বন্তি প্রজ্বলনৰে সভাৰ সফল সামৰণি পৰে।।

Related Articles