“সকলো জাতি- জনগোষ্ঠীক বুকুৰ মাজত লৈ (Asom Sahitya Sabha) অসম সাহিত্য সভাই শক্তিমন্ত জাতি গঠনত অগ্ৰসৰ হৈছে। অসমীয়া সমাজখন শৃংখলিত কৰাৰ দায়িত্ব প্ৰতিজন সংগঠক-নেতা, সংগঠনৰ দায়িত্ব বহন কৰা ব্যক্তিসকলে ল’ব লাগিব ৷ সংগঠকসকলে হাত সাবটি বহি থাকিলেই নহ’ব; তেওঁলোকে বহুমূলীয়া সময় জাতিৰ বাবে সমৰ্পণ কৰিব লাগিব।“ আজি শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয় ৷ অসম সাহিত্য সভাৰ ইতিহাসত আজি অনুষ্ঠিত প্ৰথমখন সাংগঠনিক সভাৰ আয়োজনক শলাগ জনাই তেওঁ লগতে কয় যে— “সভাত এক পদ এক ব্যক্তি নীতি কঠোৰভাৱে সকলোৱেই পালন কৰিব লাগিব।
সভাৰ মজিয়াত প্ৰতিজন প্ৰাক্তন বিষয়ববীয়া-কৰ্মীক আদৰ আৰু সন্মানেৰে বিভূষিত কৰা উচিত, ক্ষমতা শেষ হ’লেই পদাধিকাৰীসকলক অসন্মান প্ৰদৰ্শন কৰা অনুচিত। আহক! সকলো বাদ-বিবাদ পৰিহাৰ কৰি সভাৰ কামত ব্ৰতী হৈ জাতীয় সেৱাত অগ্ৰসৰ হওঁ।“ আজি অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সাংগঠনিক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰধান সম্পাদক বৰাই লগতে কয় যে সভাৰ বদনাম নহয়, সেৱাত ব্ৰতী হ’বলৈ সকলোকে অনুৰোধ কৰক, অসম সাহিত্য সভাৰ প্ৰতিজন কেন্দ্ৰীয় সদস্যই একোখনকৈ শাখা সাহিত্য সভা গঠন কৰাৰ দায়িত্ব গ্ৰহণ কৰক। প্ৰতিখন মহাবিদ্যালয়ত শাখা সাহিত্য সভা গঠন কৰি ছাত্ৰ-ছাত্ৰী আৰু শৈক্ষিক-বৌদ্ধিক মহলক সভাৰ লগত জড়িত কৰিব লাগিব।
মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডা: মৃণ্ময় নাথ, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ৰাণা আলম, প্ৰচাৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ, আহ্বায়ক শংকুসিদ্ধ নাথ, চাহ জনগোষ্ঠী ভাষা সাহিত্য-সংস্কৃতি বিকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি নকুল কুৰ্মী, উপ-সভাপতি হেমন্তকুমাৰ মাহাতো, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকা, অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰজনীকান্ত নাথ, বৃত্ত উপসমিতিৰ সদস্য বংকিম বৰুৱা, আমন্ত্ৰিত সদস্য ক্ৰমে চহিৰ ভূঞা, ভূৱন চেত্ৰী, হেমন্ত কুমাৰ নাথ, ইদ্ৰিছ আলী, দৰঙ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মুকুট হাজৰিকা, শোণিতপুৰ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি বাসুদেৱ শৰ্মা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° অশ্বিনীকুমাৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় নাথ, উপ-সভাপতি কুঞ্জ দেৱী সম্পাদক মৃণাল ৰাজবংশী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰী, উপ-সভাপতি প্ৰবীণ কটকী, সম্পাদক কামিনী বৰুৱা, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰীশংকৰ দাস, বৰ্তমানৰ উপ-সভাপতি সন্তোৰাম কছাৰী, সম্পাদক দিবাকৰ বৰা প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।
অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সাংগঠনিক সভাখন পৌৰোহিত্য কৰি সভাপতিৰ ভাষণত সভাৰ সংগঠক-কৰ্মীসকলক সভালৈ নতুন সভ্যসকলক ব্যাপক অন্তৰ্ভুক্তি কৰি সভাক শক্তিশালী কৰাৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই উদ্বোধকৰ ভাষণত কয় যে আমি প্ৰতিজনেই জাতীয় সত্বাত বিলীন হ’ব পাৰিলেহে জাতিটো অধিক শক্তিশালী হৈ উঠিব। বড়ো সাহিত্য সভাৰ উপসভাপতি তথা ৰঙাপৰা মহাবিদ্যালয়ৰ ডীন প্ৰশান্ত বড়োৱে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি অসম সাহিত্য সভাৰ লগত বড়ো সাহিত্য সভাই সদায়েই ভাতৃসুলভ দৃষ্টিভংগীৰে কামত ব্ৰতী হ’ব বুলি ব্যক্ত কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত প্ৰজ্ঞা দেৱীৰ আধুনিক নৃত্য, নয়নিকা শৰ্মাৰ আৰু অৰ্নিক নাথৰ গীতে অনন্য মাত্ৰা প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা সভাখনত শলাগৰ শৰাই প্ৰদান কৰে দুলাল নাথে।।

