দেশত দোপত দোপে আগুৱাইছে মহিলাসকল৷ (Women’s employment rate in India) এতিয়া মহিলা ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাই৷ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ অন্যতম মূল স্তম্ভ হৈছে দেশত ৭০ শতাংশ মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ নিশ্চিত কৰাটো৷ নাৰী সবলীকৰণ ৰাষ্ট্ৰীয় প্ৰগতিৰ এক মূল চালিকা শক্তি আৰু আজি ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক লক্ষ্যণীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে৷ এতিয়া মহিলাসকল আৰু পৰম্পৰাগত চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাই, তেওঁলোকে বাধা ভাঙি দেশৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ দায়িত্ব বহন কৰিছে৷ গ্ৰাম্য উদ্যোগীৰ পৰা ক’ৰ্পৰেট নেত্ৰীলৈকে মহিলাসকলে ভাৰতক বিকশিত ভাৰতৰ দিশে আগুৱাই নিছে৷
ভাৰতত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণৰ হাৰ উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে৷ পি এল এফ এছৰ তথ্য অনুসৰি ২০১৭-১৮ চনত মহিলাৰ নিয়োগ হাৰ [ডব্লিউ পি আৰ] ২২শতাংশৰ পৰা ২০২৩-২৪ চনত ৪০.৩ শতাংশলৈ বৃদ্ধি পাইছে, আনহাতে মহিলাৰ নিবনুৱাৰ হাৰ [ইউ আৰ] ২০১৭-১৮ চনত প্ত.৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২শতাংশলৈ হ্ৰাস পাইছে৷ এই কথাই মহিলাসকলৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ ইতিবাচক বৃদ্ধিকেই প্ৰতিফলিত কৰিছে৷ ভাৰতৰ গ্ৰাম্য অঞ্চলত এই পৰিৱৰ্তন আৰু অধিক তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, য’ত মহিলাৰ কৰ্মসংস্থাপন ৯৬শতাংশ বৃদ্ধি পাইছে, আনহাতে চহৰ অঞ্চলত একে সময়ছোৱাত ৪৩ শতাংশ নিয়োগ বৃদ্ধি পাইছে৷ প্ৰতিবেদন অনুসৰি ২০১৩ চনত মহিলা স্নাতকসকলৰ নিয়োগযোগ্যতাও ৪২ শতাংশৰ পৰা ২০২৪ চনত ৪৭.৫৩ শতাংশলৈ বৃদ্ধি পাইছে৷ স্নাতকোত্তৰ শিক্ষা আৰু তাৰ ওপৰৰ শিক্ষা থকা মহিলাসকলৰ মাজত নিয়োগৰ হাৰ ২০১৭-১৮ চনত ৩৪.প্ত শতাংশৰ পৰা ২০২৩-২৪ চনত ৪০ শতাংশলৈ বৃদ্ধি পাইছে৷ ইণ্ডিয়া স্কিলছ ৰিপ’ৰ্ট ২০২৫ অনুসৰি ২০২৪ চনত ৫১.২ শতাংশ থকাৰ তুলনাত ২০২৫ চনত প্ৰায় ৫৫ শতাংশ ভাৰতীয় মহিলা স্নাতক বিশ্বজুৰি নিয়োগযোগ্য হৈ উঠিব বুলি আশা কৰা হৈছে৷ ইয়াৰ উপৰি ইপিএফঅ’ৰ পে-ৰোলৰ তথ্যই আনুষ্ঠানিক খণ্ডত মহিলাসকলৰ বৃদ্ধি পোৱা অংশগ্ৰহণক আৰু অধিক উজ্জ্বল কৰি তুলিছে৷ বিগত জ্জ বছৰত ৰ.৫৬ কোটি মহিলাই আনুষ্ঠানিকভাবে কৰ্মশক্তিত যোগদান কৰিছে৷ ইফালে আগষ্ট মাহলৈকে ই-শ্ৰমত ১৬.৬৯ কোটিৰো অধিক মহিলা অসংগঠিত শ্ৰমিকৰ নাম পঞ্জীয়ন হৈছে, যাৰ ফলত তেওঁলোকক ভাৰত চৰকাৰৰ বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা গৈছে৷
ভাৰত চৰকাৰৰ প্ৰচেষ্টাই মহিলা উদ্যোগীসকলৰ বৃদ্ধিত অৰিহণা যোগাইছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ১৫টা মন্ত্ৰালয়ৰ ৭০খন কেন্দ্ৰীয় আঁচনি আৰু ৪০০ৰো অধিক ৰাজ্যিক পৰ্যায়ৰ আঁচনিয়ে মহিলা উদ্যোগীকৰণক সহায় কৰি আহিছে৷ পিএলএফএছৰ তথ্য অনুসৰি মহিলাৰ আত্মনিয়োগ ৩০ শতাংশ বৃদ্ধি পাইছে- ২০১৭-১৮ চনত ৫১.জ্ঝ শতাংশৰ পৰা ২০২৩-২৪ চনত ৬৭.চ্ছ্ৰ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ ফলত মহিলাসকল সঁচাকৈয়ে আত্মনিৰ্ভৰ হৈ পৰিছে৷ যোৱা দশকত লিংগভিত্তিক বাজেট ৪২৯ শতাংশ বৃদ্ধি পাইছে, ২০১৩-১৪ বিত্তীয় বৰ্ষত ঙ্ম.৮৫ লাখ কোটি টকাৰ পৰা ২০২৫-চ্ছ বিত্তীয় বৰ্ষত চ্ছ্ৰ.৪৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰ দ্বাৰা মহিলাৰ উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়নলৈ লক্ষ্যণীয় পৰিৱৰ্তনৰ কথা প্ৰতিফলিত হৈছে৷ য’ত নিয়োগ, নিয়োগযোগ্যতা, উদ্যোগীকৰণ আৰু কল্যাণৰ বিষয়ত শক্তিশালীভাবে গুৰুত্ব দিয়া হৈছে৷ ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰৰ সূচনা কৰিছে, প্ৰায় ৫০ শতাংশ ডিপিআইআইটি পঞ্জীয়নভুক্ত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা পৰিচালক আছে৷ অৰ্থাৎ ৰ.৫৪ লাখতকৈ অধিক লোকৰ ভিতৰত ৭৪,৪১০ গৰাকী মহিলা৷ আজি প্ৰায় দুই কোটি মহিলা লাখপতি দিদিত পৰিণত হৈছে৷ নমো ড্ৰোন দিদি আৰু দীনদয়াল অন্তে্যাদয় যোজনা– এন আৰ এল এমৰ দৰে ফ্লেগশ্বিপ প্ৰগ্ৰেমসমূহেও এই ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এইবোৰে মহিলাসকলক বহনক্ষম অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সুযোগেৰে সজ্জিত কৰি তুলিছে৷ মহিলাৰ আত্ম সংস্থাপন বৃদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ চালিকা শক্তি হৈছে পি এম মুদ্ৰা যোজনা, যিয়ে আৰ্থিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ য’ত মহিলাসকলে মুঠ মুদ্ৰাৰ ঋণৰ ৬৮ শতাংশ লাভ কৰিছে- [১৪.৭২ লাখ কোটি টকাৰ ৩৫.৩৮ কোটিতকৈ অধিক ঋণ]৷ একেদৰে পি এম স্ব-নিধিৰ অধীনত ৰাজপথৰ বিক্ৰেতাসকলক শক্তিশালী কৰি তোলা হৈছে৷ এই আঁচনিৰ অধীনত থকা হিতাধিকাৰীসকলৰ মাজৰে প্ৰায় ৪৪ শতাংশ মহিলা৷ এই পদক্ষেপসমূহে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিছে৷ ইয়াৰ উপৰি মহিলা নেতৃত্বাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰ্থনৈতিক সম্প্ৰসাৰণৰ মূল চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে৷ যিয়ে ২১ বিত্তীয় বৰ্ষৰ পৰা ২৩ বিত্তীয় বৰ্ষলৈকে মহিলাসকলৰ বাবে ৮৯ লাখতকৈ অধিক অতিৰিক্ত চাকৰিৰ সৃষ্টি কৰিছে৷ মহিলাৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহৰ অংশ ২০১০-ৰৰ চনত ১৭.চ্ছ্ৰ শতাংশৰ পৰা ২০২৩-২৪ চনত চ্ছ.২ শতাংশলৈ বৃদ্ধি পাইছে আৰু মহিলা নেতৃত্বাধীন এমএছএমইৰ সংখ্যাও প্ৰায় দুগুণ বৃদ্ধি পাইছে, ২০১০-ৰৰ চনত ৰ কোটিৰ পৰা ২০২৩-২৪ চনত ৰ.৯২ কোটিলৈ বৃদ্ধি পাইছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ বৰ্ধিত ভূমিকাৰ কথাই উজ্জ্বল কৰি তুলিছে৷
মহিলাসকল এতিয়া কেৱল অংশগ্ৰহণকাৰী হৈ থকা নাই, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড হিচাবে পৰিগণিত হৈছে৷ আজি মহিলাসকলে উন্নয়নৰ দিশত আগবাঢ়িছে আৰু মোদী চৰকাৰে শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ তথা সম কৰ্মশক্তিৰ সুযোগৰ জৰিয়তে নাৰী শক্তিক শক্তিশালী কৰি তুলিবলৈ এক সৰ্বাংগীণ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ ৰচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷

