অসমত থকা ডাঙৰ সংগঠনসমূহৰ (AAMSU) ভিতৰত আমচুৰ নামো ল’ব পাৰি। ইচলাম ধৰ্মৰ কাৰণে জীৱন উচৰ্গা কৰি অহা আমচু অসমৰ ইচলাম ধৰ্মীলোকৰ মাজত কিমান জনপ্ৰিয় সেয়া আমি নাজানো। কিন্তু মাজে-সময়ে সচেতন খিলঞ্জীয়া মুছলমানে তেওঁলোকৰ কাৰ্যৰ বিৰোধীতা কৰি স্পষ্টীকৰণ দিয়া দেখি থাকোঁ। ইয়াত কোন সঁচা নতুবা কোন মিছা সেয়া এই লেখাৰ বিষয় নহয়। বিষয় হ’ল আমচুৰ নেতাই অসমৰ মুখ্য প্ৰতিনিধি আৰু প্ৰধান সেৱক মাননীয় মুখ্যমন্ত্ৰীক সামাজিক মাধ্যমত কৰা অপমান।তেওঁলোকৰ মতে অসমৰ মুখ্যমন্ত্ৰী এজন নীচ, ঘৃণনীয় ব্যক্তি। কিন্তু আমচু নামৰ সংগঠনৰ নেতা আৰু সদস্যসকলে হয়তো পাহৰি গৈছে যে তেওঁলোকৰ অসমৰ পটভূমিত জনপ্ৰিয়তা অৰ্জনত বিফল হোৱা এটা সংগঠন। বঙালী মানুহেও বুজাৰ বাবে দুৰ্বোধ্য এটা ভাষা কোৱা মানুহৰ প্ৰতি আৱেগিক আৰু দায়বদ্ধ এটা সংগঠন হিচাপে পৰিচয় দিয়াত উঠিপৰি লাগিছে।
হয়, শেহতীয়া উচ্ছেদ কাৰ্যই মানুহবোৰৰ সপোনৰ ঘৰ এখন তচনচ কৰিছে। এয়া নিতান্তই দুখ লগা ছবি। ঘৰ ভাঙিলে নিশাৰ ভিতৰতেই অঘৰী হোৱাৰ পীড়া বৰ কষ্টদায়ক। কিন্তু ইয়াৰ বাবে কেৱল চৰকাৰেই জগৰীয়া নে ? চৰকাৰৰ ৰোষত পৰিবলগীয়া কাৰ্য ভুক্তভোগীসকলে কৰা নাই নে ? অসমৰ প্ৰকৃতিক ভেঙুচালি কৰি প্ৰকৃতি ধ্বংস কৰি বৰ্ধিত জনসংখ্যাক ইচ্চামতেই সংস্থাপন কৰি তেওঁলোকেও অপৰাধ কৰিছে। উচ্ছেদিতসকলে এটা অসুৰক্ষিত ভেটিত নিজৰ জীৱন কটোৱাৰ সিদ্ধান্ত লৈছে সেয়া তেওঁলোক ভালকৈ অনুমেয়। কিন্তু তেওঁলোকক বুজোৱা হৈছিল যে কেইবছৰমান বসবাস কৰাৰ পিছত এদিন চৰকাৰে বাধ্য হৈ নতুবা তেওঁলোকে ভোটদান কৰা দলটোৱে চৰকাৰ গঠন কৰিলে সেই মাটিবোৰ তেওঁলোকৰ নামত নামজাৰি কৰি দিয়া হ’ব। কিন্তু তেওঁলোকক Land Act, Forest Act অনুযায়ী কোনবোৰ মাটি হস্তান্তৰ কৰিব নোৱাৰি নতুবা কোনবোৰ মাটি বাণিজ্যিক নতুবা উদ্যোগীক উদ্দেশ্যত লিজত দিব পাৰি। তেওঁলোকে কিছুমান উদ্যোগক লিজত মাটি দিয়াৰ উদাহৰণেৰে সাধাৰণ ৰাইজক আশ্বস্ত কৰে আৰু নিগাজিকৈ থকাৰ বাবে অনুপ্ৰেৰণা জগায়। ফলত আজি উচ্ছেদিত সকলে কৰা প্ৰশ্নত আমচু দিশহাৰা হৈ পৰিছে, অসহায় হৈ পৰিছে, তেওঁলোকৰ হৈ আইনী যুঁজেৰে ন্যায় দিয়াৰ মিছা সপোন দেখুৱাইছে।
আমচুৱে অসমীয়া হ’ব নোৱাৰিলে। আমচু অসমীয়া হ’ব পাৰিলে অসমৰ জনগাথনি বিনষ্ট কৰা লোকসকলৰ বিৰুদ্ধে যুঁজিলেহেঁতেন। কিন্তু সেয়া পৰ্বতত কাচৰ কণী বিচৰা কথা। বাংলাদেশী বংশধৰ আৰু বাংলাদেশীসকলৰ হিতৈষী হৈ আমচুৱে খিলঞ্জীয়া ইচলামধৰ্মী লোকৰো অপ্ৰিয়ভাজন হৈছে। এই কথা তেওঁলোকে জানিশুনিও নিজৰ সাংগঠনিক উদ্দেশ্য দৃঢ় কৰিছে। তেওঁলোকে অসমৰ অখণ্ডতা, সুৰক্ষা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি দায়বদ্ধ হোৱাটো উচিত আছিল। কিন্তু ইমানকৈ প্ৰকৃতি ধ্বংস কৰি বসতিস্থল কৰাৰ পিছতো সাৰসুৰ নোহোৱাকৈ আছে। এয়া আমাৰ বাবে ক্ষতিকাৰক। এনে ক্ষতিৰ কাৰক হোৱা বাবেই সেইসকল লোক ক্ষতিগ্ৰস্ত হৈছে। হয়তো অনাগত দিনত ইয়াৰ পৰিমাণ অধিক হ’ব। আমচুৱে যদি চৰকাৰক সহযোগ কৰি অসম ৰক্ষাৰ যুঁজত সহযোগী নহয় কাইলৈ হয়তো আমচু নামৰ সংগঠনটোৰ বেয়া দিন আৰম্ভ হ’ব। সেই ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে মাজে-সময়ে সংবাদ মাধ্যমৰ যোগেদি দি আহিছে।
আমচু আৰু অসমৰ ইচলামধৰ্মী নেতা, জনতাই এটা কথা স্পষ্টকৈ জানে যে পূৱ আৰু উত্তৰ বংগৰ ইচলামধৰ্মীৰ গইনাৰে প্ৰথমে ভাৰতত তাৰপি অসম আৰু অন্য ৰাজ্যত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অনুপ্ৰৱেশ হৈয়েই আছে। এয়া আমাৰ বাবে ভয়াবহ ভৱিষ্যত। আমি সাজু হ’বই লাগিব, পদক্ষেপ ল’বই লাগিব।
আমচুক কওঁ আপোনালোকে উত্তৰ বংগ আৰু পশ্চিম বংগলৈ গৈ পশ্চিম বংগ চৰকাৰৰ ওপৰত হেঁচা দিয়ক যে উত্তৰ বংগ হৈ অসমত প্ৰৱেশ কৰা ইচলাম ধৰ্মীয় মানুহৰ বাবে অসমত থকা ইচলাম ধৰ্মী অন্য লোকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে। সেয়ে ইয়াৰ বিহিত ব্যৱস্থা ল’ব লাগে আৰু উক্ত লোকসকলক বংগ ৰাজ্যত সংস্থাপিত কৰিব লাগে আৰু যদি এই আলোচনা ব্যৰ্থ হয় তেতিয়া এটা সজাতি দল বাংলাদেশলৈ গৈ আলোচনা কৰি ভুক্তভোগীসকলৰ দুখ নিৰাময় কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিব লাগে।
যদিহে নিজ ধৰ্মীয় মানুহখিনিৰ কাৰণে এইখিনি কৰিব নোৱাৰে আপোনালোকে দখল কৰি থকা পদসমূহৰ পৰা পদত্যাগ কৰিব লাগে। আপোনালোকে অসমৰ প্ৰতিনিধিজনক অপমান কৰাটো অনুচিত। আপোনালোকৰ উচতনিমূলক বক্তব্যই ইচলাম ধৰ্মীয় মানুহখিনিৰ বিপদ বেছি বঢ়াব। খিলঞ্জীয়া মুছলমানখিনিয়ে ৰোৱা গছৰ ছাঁত জীৰাই তেওঁলোকক লেং মৰা কাৰ্য অধিক হোৱাৰ বাবেই আজি এনে দুৰ্গতি হৈছে। আপোনালোক সম্পূৰ্ণ অসমীয়া হওক। অসমৰ বেদনা অনুভৱ কৰক। নহ’লে এই প্ৰশ্ন সদায় উঠিব “আমচু অসমীয়া হ’ব নোৱাৰিলে কিয় ?”
লেখকঃ হিমাংশু পাঠক

