Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা…

আজিৰ সময়ত থাইৰয়ডৰ (Thyroid) অসুখ এক প্ৰকাৰ তেনেই সাধাৰণ ৰোগত পৰিণত হৈছে৷ কাৰণ প্ৰতি দহজন মানুহৰ ভিতৰত দুজনেই ইয়াৰ দ্বাৰা আক্ৰান্ত৷ অৱশ্যে প্ৰায়ভাগ মানুহ এই সমস্যাৰ বিষয়ে কিছু সজাগ হ’বলৈ আৰম্ভ কৰিছে যদিও অজ্ঞাতে বহু ল’ৰা-ছোৱালীয়ো এই ৰোগৰ চিকাৰ হ’ব লগা হয়৷ ফলত তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত বাধাগ্ৰস্থ হয়৷ সেয়ে সঠিক সময়ত চিকিৎসা নকৰিলে ই পিছলৈ মানুহক বিপদত পেলাব পাৰে৷ আচলতে থাইৰয়ড এক প্ৰকাৰৰ অন্তঃক্ষৰা গ্ৰন্থি যি ডিঙিৰ সন্মুখৰ ফালে স্বৰযন্ত্ৰ [লেৰিংক্স] ৰ তলৰ অংশ আৰু শ্বাসনলী [ট্ৰেকিয়া] ওপৰৰ ফালে অৱস্থিত৷ আনহাতে, ক্ষুদ্ৰ অংশৰে দুকাষৰ দুডোখৰ বহল অংশক সংলগ্ন কৰা পখিলা সদৃশ আকৃতিৰ এই গ্ৰন্থি আকাৰত তেনেই সৰু৷ একেদৰে পাখিৰ দৰে দুকাষৰ অংশ দুটাৰ দৈৰ্ঘ্য প্ৰায় চ্ছ্ৰ ছেঃমিঃ আৰু বহলে ৰ-২ ছেঃমিঃৰ এই গ্ৰন্থিটোৱে কেইবাবিধো হৰমন ক্ষৰণ কৰে৷ তাৰ ভিতৰত টি-৩, টি-চ্ছ্ৰ অন্যতম৷


দৰাচলতে, থাইৰয়ড গ্ৰন্থিৰ পৰা হ’ব পৰা সমস্যাবিলাক দুই ধৰণে বিভক্ত কৰা যায়৷ ইয়াৰে গ্ৰন্থিটোৱে যদি বেছি পৰিমাণৰ হৰমন নিঃসৰণ কৰে, তেনেহ’লে তাক চিকিৎসা বিজ্ঞানৰ ভাষাত হাইপাৰ থাইৰয়ডিজম বুলি কোৱা হয় আৰু শৰীৰত দেখা দিয়া উপসৰ্গবোৰ এনে ধৰণৰ–
– সামন্য পৰিশ্ৰমত ভাগৰি যোৱা৷
– যিকোনো সময়ত অসহ্য মূৰৰ বিষ হোৱা৷
– আহাৰ যিমানেই নাখালেও ওজন কমি যোৱা৷
– হৃদযন্ত্ৰৰ গতি বৃদ্ধি আৰু মহিলাৰ ঋতুচক্ৰ অনিয়মীয়া৷
– কোনো কথাত মনোযোগ দিব অথবা স্থিৰতা হ্ৰাস৷
– অনিদ্ৰা আৰু অনাহকত হাত বা শৰীৰ কঁপিব ধৰা ইত্যাদি৷


সেইধৰণে, এই গ্ৰন্থিটোৱে কোনো কাৰণত থাইৰয়ড হৰমণৰ নিঃসৰণ কমকৈ কৰিলে এনে অৱস্থাক হাইপোথাইৰয়ডিজম বুলি কোৱা হয়৷ যিয়ে শৰীৰৰ মেটাবলিজিম [বিপাকীয় ক্ৰিয়া] বাধাপ্ৰাপ্ত কৰি স্থান পোৱা উপসৰ্গবোৰ হৈছে –
– সামন্য শীতল পৰিৱেশত ঠাণ্ডা অনুভৱ কৰা৷
– কণ্ঠস্বৰ পৰিৱৰ্তন আৰু কাণেৰে কম শুনা৷
– ছাল আৰু নখ শুকান হোৱা৷
– পেশী আৰু হাড়ৰ সন্ধিত বিষ৷
– দেহত এলাৰ্জি, খজুৱতি তথা ঘামচি বেছিকৈ হোৱা৷
– খিংখিঙীয়া স্বভাৱ আৰু স্মৃতিভ্ৰম হৈ পৰা৷


প্ৰকৃততে, থাইৰয়ডৰ অসুখ বিভিন্ন কাৰণত হ’লেও বিভিন্ন পৰীক্ষণৰ নিৰীক্ষণৰ দ্বাৰা বিচাৰ কৰিলে ইয়াৰ অন্তঃনিহিত কাৰক সমূহ হ’ল –
– আয়োডিনৰ অভাৱ৷
– দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা৷
– জন্মগত ত্ৰুটি৷
– সেইদৰে গ্ৰন্থিৰ আকাৰ পৰিৱৰ্তন বা নিৰ্গত হোৱা হৰমণত পৰিবৰ্তন৷


ৰোগ নিৰ্ণয় আৰু চিকিৎসা ঃ
বৰ্তমান সমাজত থাইৰয়ডৰ ৰোগ ঠিক নহয় বুলি ভ্ৰান্ত ধাৰণা আছে যদিও সাধাৰণ লক্ষণবোৰ দেখা মাত্ৰকে এজন অভিজ্ঞ চিকিৎসৰ দ্বাৰা পৰীক্ষণ কৰি চিনাক্ত কৰিব পাৰে৷ সেই সূত্ৰে, চিকিৎসা কম¹য়ে দিয়া ৰক্ত পৰীক্ষণত যদি টি এছ এইচৰ পৰিমাণ ৬তকৈ বেছি থাকে তেন্তে ব্যক্তিজনক হাইপোথাইৰয়ড বুলি জানিব পাৰিলেও ব্যক্তি ভেদে ইয়াৰ তাৰতম্য হয়৷ একেদৰে হাইপাৰ থাইৰয়ডৰ ক্ষেত্ৰতো আনুশংগিক ৰোগৰ দ্বাৰা মহিলা সকল বেছিকৈ আক্ৰান্ত হয়৷ ইয়াৰ বাহিৰেও অন্যান্য কাৰণবোৰ ঠিৰাং কৰাৰ বাবে এণ্টিবডি, এণ্টি টি.পি.অ, ৰেডিঅ’ আইচোটোপ, ইমেজিং আŒট্ৰাচাউণ্ড, FNAC আদি কৰি হৰমণ গঠনৰ প্ৰক্ৰিয়াৰ গতি [হাইপাৰ] কমাবলৈ এণ্টি থাইৰয়ড দৰৱ [কাৰ বিমাজল, মেথিমাজল], বিটা ব্লকাৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এইক্ষেত্ৰত হাইপোথাইৰয়ডৰ বাবে বাহিৰৰ পৰা থাইৰয়ড হৰমণ যোগান ধৰিবলৈ থাইৰোনৰ্ম, এলট্ৰস্কিন ঔষধ সমান্তৰালকৈ দিয়া গ’লেও খোৱা বোৱাত সাৱধানতা অৱলম্বন কৰাতোও প্ৰয়োজনীয়৷ যাৰ বাবে হাইপোথাইৰিজিমৰ কাৰণে ভিটামিন, এণ্টি অক্সিডেণ্ট [হালধি, আদা, জামু আৰু পুষ্টিকৰ] খাদ্য খাব লাগে৷ একেধৰণে হাইপাৰ থাইৰয়ড অৱস্থাত বন্ধাকৱি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ, ছয়াবিনৰ সহায় লৈ কেতিয়াবা আয়ডিনযুক্ত টেবুল ছল্ট বা আয়ডিন সমৃদ্ধ খাদ্য ল’লে যিকোনো ব্যক্তিয়ে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়৷

লেখকঃ ডাঃ দ্বীপজ্যোতি শৰ্মা
ফোন নং – ৬০০০৩৪২৩৫৩

Related Articles