২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি (Immigration and Foreigners (Exemption) Order, 2025) ৩ খন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব । কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন ।
অসম অসম হৈ ৰবনে! ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত কা গৃহীত কৰাৰ পিছত আন এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আইন ২০২৫ৰ আদেশৰ যোগেদি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত আফগানিস্তান, বাংলাদেশ, পাকিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকক বসবাসৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনে ।
আছুৰ প্ৰতিক্ৰিয়া
এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । ২০২৪ চন পৰ্যন্ত অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দিব বিচৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয়, “ভাৰত চৰকাৰে জাৰি কৰা আইনৰ বিৰোধিতা কৰিছোঁ । এই নিৰ্দেশ কা’তকৈও বেছি ভয়াৱহ । ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট দাবী-কা’ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক ।”
তেওঁ লগতে কয়, “ই এক অদ্ভূত সিদ্ধান্ত । অসমে ইয়াৰ বোজা নলয় । অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয় ডাষ্টবিনো নহয় । বিদেশীৰ বোজা জাপি দিয়াটো কোনো কাৰণতে সহ্য নকৰো । কা’ৰ সময়ত আমি যি শংকা কৰিছিলো সেয়া সঁচা প্ৰমাণ হৈছে । অসমৰ জনগাঁথনি সলনি হৈছে, খিলঞ্জীয়া ভাষিক সংখ্যালঘু হ’বলৈ গৈছে । তাৰ পিছতো এনে সিদ্ধান্ত গ্ৰহণ কৰাসকল জাতিদ্ৰোহী । এই আদেশ অসমীয়া জাতি বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু সাম্প্ৰদায়িক নিৰ্দেশনা ।”
ইফালে কেন্দ্ৰৰ এই সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ ।
এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি ডিব্ৰুগড়ৰ খোৱাঙত লুৰীণজ্যোতি গগৈয়ে কয়, “অসমৰ ৰাইজে যিটো সন্দেহ আৰু শংকা কৰিছিল সেইটোৱেই হ’বলৈ গৈ আছে । কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছিল ৪৩ বছৰে বিদেশীৰ বোজা অসমৰ ৰাইজে লৈছে আৰু নাগৰিকত্ব সংশোধনী আইনে বিদেশী অহাৰ বাট মুকলি কৰি দিব । অসমত বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যৎ নিঃশেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে দিল্লীয়ে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদক ভেঙুচালি কৰি কা জাপি দিলে সেই সময়ত । ইয়াৰ পাছত আকৌ ১০ বছৰৰ বোজা অসমৰ ৰাইজক জাপি দিব বিচাৰিছে । দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে । অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবলৈ দিল্লীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৰাইজে দিল্লীৰ এনে সিদ্ধান্ত আৰু চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, আজিও মানি লোৱা নাই । দিল্লীৰ এনেকুৱা ষড়যন্ত্ৰত মাত মাতিব লাগিব আৰু ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব ।”
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয়, “অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনৰ সময়ত শিৰ ফুলাই কৈছিল ২০১৪ চনলৈ চীল মোহৰ মাৰি দিয়া হ’ল আৰু বিদেশীৰ বোজা অসমে ল’ব নালাগে । আমি তেতিয়াই কৈছিলো এই আইনৰ জৰিয়তে বিদেশী অহাৰ বাট মুকলি হৈ আছে । এই আইন অসমত প্ৰৱৰ্তন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো । অসম জাতীয় পৰিষদে কা মনা নাছিলোঁ, আজিও মনা নাই আৰু ভৱিষ্যতেও নামানো । কা’ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব । এই বিষয়ে কাইলৈৰ পৰাই প্ৰতিবাদ আৰম্ভ হ’ব । মুখ্যমন্ত্ৰীৰ কথাৰ অৰ্থ নাই । মুখ্যমন্ত্ৰীৰ কথা মতে কাম নহয় ।”
পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে । তেওঁ কয়, “মই যেতিয়া কৈছিলোঁ মানুহে মোক হাঁহিছিল ৷ বহুত মানুহে মোক উপহাস কৰিছিল ৷ কৈছিল যে এই অখিল গগৈয়ে সদায় বেছি বেছি কয় ৷ মই কৈছিলো আজি ২০১৪ ত যদি আইন সংশোধন হৈ যায় কালিলৈ ‘ডেট’ বদলাই দিব ৷ ২০১৪ ৰ ৩১ ডিচেম্বৰ আছিল আৰু এতিয়া ৩১ ডিচেম্বৰ ২০২৪ কৰি দিলে ৷ কাইলৈ সেইটো ২০৩৪ হ’ব, পাছত ২০৪৫ হ’ব আৰু তাৰ পাছত অনিৰ্দিষ্ট কাললৈ হ’ব ৷”
বাংলাদেশত আজিৰ তাৰিখত ১ কোটি ১০ লাখ হিন্দু মানুহ আছে আৰু অসমত ইতিমধ্যে ২০ লাখ হিন্দু বাংলাদেশী মানুহ আছেহি ৷ এতিয়া মুঠ এই ১ কোটি ৩০ লাখ মানুহৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ এই কা’খনে আনি দিলেনে নাই বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে । তেওঁৰ মতে এনে ক্ষেত্ৰত বাংলাদেশত থকা হিন্দু মানুহ হয় অসম নহ’লে পশ্চিমবংগলৈয়ে আহিব লাগিব ।
গগৈয়ে লগতে কয়, “বাংলাদেশৰ মানুহ এটাই আৰ এছ এছ কৰি আহিব ৷ আৰ এছ এছ কৰি আহি ২০২৪ চনৰ ৩১ ডিচেম্বৰত আহিলে ৷ পাছপ’ৰ্ট নালাগে, আৰ এছ এছ কৰি নিৰ্বাচন খেলাৰ অধিকাৰ লাভ কৰিব, চাকৰি কৰাৰ অধিকাৰ লাভ কৰিব, ব্যৱসায় কৰাৰ অধিকাৰ লাভ কৰিব, নাগৰিকত্ব লাভ কৰিব ৷ নিৰ্বাচন খেলি আৰ এছ এছৰ সুবাদত তেওঁ নিজে এক মিনিটতে মুখ্যমন্ত্ৰী হৈ যাব পাৰিব ৷” সেই কাৰণে বিজেপি আৰ এছ এছয়ে যদি সঁচাকৈ অসমীয়া খিলঞ্জীয়াৰ হাতত অধিকাৰ থকাটো বিচাৰে তেন্তে কেনেকৈ এই কামটো কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷
তেওঁ লগতে চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰি কয়, “আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে যদি ৰাজনৈতিক অধিকাৰ লাগে তেন্তে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমক ভাৰতৰ সংবিধান ৩৭১(ক)ৰ অধীনত আনক । তেতিয়া মাটি আৰু সম্পদৰ ওপৰত অসমৰ অধিকাৰ থাকিব ৷ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব ৷ তেতিয়াহে জনজাতীয় লোক মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পাব ।”
অখিল গগৈয়ে বিজেপি আৰু আৰ এছ এছক নিন্দা কৰাই নহয় তেওঁলোকক অসমৰ মাটিত নিষিদ্ধ কৰিব লাগে বুলিও দাবী জনায় ৷ অসমীয়া মানুহে এই কেইটা দলক খেদিব লাগিব নহ’লে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা নহয় বুলিও গগৈয়ে স্পষ্ট কৰে ৷
তেওঁ আহ্বান জনাই, “প্ৰতিজন অসমীয়া মানুহ যাৰ মূৰ আছে, মগজু আছে, হৃদয় আছে, বিবেচনা আছে, যি অসমীয়াত্ব বুজি পায়, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে সেই সকলোৱে ওলাই আহক । আমি আৰ এছ এছ, বিজেপিক অসমৰ পৰা খেদো; নহ’লে ইহঁতে আমাৰ কণ-কঠীয়া মাৰিব ৷”

