Bilasipara News: বৰকান্দাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভ*য়ংকৰ মা*ৰপিট

বিলাসীপাৰাৰ বৰকান্দা (Bilasipara News) খেল পথাৰত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। বৰকান্দাৰ গিভ টু লাইভ ফাউণ্ডেচনে আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা।

জানিব পৰা মতে কেৰেলা, মধ্যপ্ৰদেশ, ছিকিম, পশ্চিমবংগ আদি ৰাজ্যৰ কেইবাটাও প্ৰতিযোগী দলে অংশ গ্ৰহণ কৰিছিল প্ৰতিযোগীতাটোত। উল্লেখ্য যে শিলবাৰী এফ চি আৰু গোঁসাইগাঁও গ্লোবেল এফ চিৰ মাজত চলি থকা প্ৰতিযোগিতাৰ সময়ত এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়। প্ৰতিযোগিতাৰ অন্তিম ভাগত ৰেফাৰীয়ে ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি প্ৰথমে তৰ্ক-যুদ্ধ আৰু তাৰ পিছতে দুয়ো দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা।

খেল পৰিচালনা সমিতিৰ গাফিলতিৰ বাবে সৃষ্টি হোৱা মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। খেলৰ নামত এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা প্ৰতিযোগিতাৰ তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় বিভিন্ন মহলে।

Related Articles