ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন (Gandhi Shilp Bazar)আয়ুক্তৰ সৌজন্যত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডে যোৱা ২ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত কৰিছে ‘গান্ধী শিল্প বজাৰ’ (ৰাষ্ট্ৰীয়) , ২০২৫-২৬।

যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে এই মেলা উপলক্ষে উদ্যোক্তা সকলে আয়োজন কৰিছিল এক সাংস্কৃতিক সন্ধিয়াৰ l লোকে-লোকাৰন্য হৈ পৰা এই সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট অভিনেতা, সাংস্কৃতিক কৰ্মী শ্ৰী বিশ্বজিৎ বৰ্মনে l ভাষণ প্ৰসংগত শ্ৰী বৰ্মনে বিশ্ব বজাৰত অসমৰ হস্ততাঁত আৰু হস্তশিল্প জাত সামগ্ৰী সমূহৰ ব্যাপক চাহিদাৰ কথা উল্লেখ কৰি এই সামগ্ৰী সমূহ উৎপাদন কৰি শিপিনী তথা কাৰিকৰ সকলক স্বনিয়োজনৰ পথ মোকলাই লবলৈ আহ্বান জনায় l অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰবক্তা অনুৰাধা বৰ্মন, শ্ৰী কন্দৰ্প কুমাৰ নাথ, শ্ৰী ক্ষিতিশ হাজৰিকা, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক মল্লিকা গোস্বামীl ভাষণ প্ৰসংগত শ্ৰী অনুৰাধা বৰ্মনে অসমীয়া শিল্পীৰ যাদুকৰী হাতৰ পৰসত প্ৰাণ পাই উঠা হস্তশিল্প জাত সামগ্ৰী সমূহৰ থাকে এক মনোমোহা ৰূপ l তেখেতে বাজাৰৰ চাহিদা অনুসৰি সামগ্ৰী উৎপাদনত গুৰুত্ব দিবলৈ কাৰিকৰ সকলক কয়l কন্দৰ্প নাথ আৰু শ্ৰী ক্ষিতিশ হাজৰিকাই তেঁওলোকৰ ভাষণত হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীৰ বাবে অনলাইন মাৰ্কেটিঙত গুৰুত্ব দিবলৈ আহবান জনায় l উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ মহপ্ৰবন্ধক ড জয়ন্ত দেৱ শৰ্মা আৰু উপ মহাপ্ৰবন্ধক শ্ৰীধীৰাজ শৰ্মাও উপষ্ঠিত আছিলl
ইয়াৰ পাছতেই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰম আৰম্ভ হয় l জালুকবাৰী মহিলা সমিতিৰ সদস্য সকলে পৰিৱেশন কৰা সমৱেত সংগীতৰ পাছতে শ্ৰী নাৰায়ন দাস, কাব্য কণকনা কলিতা, লঘনো ৰাভা, মনস্বিনি ঈশানী গৌতম, লক্ষেস্বৰ নাথ, মনিৰূপা মিশ্ৰ, ৰাজ নাভো শৰ্মা, ড ভূপেন্দ্ৰ নাথ শৰ্মা, হিৰামনি দেৱী, ৰোহিত কুমাৰ, ৰুণু চৰকাৰ, নীৰেন বৈশ্য প্ৰমুখ্যে ন-পুৰণি শিল্পী সকলে গীত, আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে l সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰমটো আতধৰে শ্ৰী মনাস্বিনি ঈশানি গৌতমে l সংস্কৃতিৰ সৈতে সংগীতৰ যেনেদৰে সম্পৰ্ক তেনেদৰে হস্ততাঁত আৰু হস্তশিল্পও অপৰিহাৰ্য্য অংগl

