CM ভিজিলেন্সৰ (Nupur Bora) কাৰ্যালয়লৈ লৈ যোৱা হৈছে ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক।
পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা জেৰা চলোৱা হয় নূপুৰ বৰাক।
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব ACS বিষয়া নূপুৰ বৰা।
বৰপেটা আৰু গোটানগৰত চলিছিল অভিযান।
দুয়োটা স্থানৰ পৰা বৰ্তমানলৈ মুঠ ৯২ লাখ ৫০হাজাৰ ৪০০ টকা উদ্ধাৰ কৰে।
বৰপেটাৰ অভিযান বৰ্তমানো চলি আছে।
বৰপেটাৰ পৰা ১০লাখ ৬৩হাজাৰ জব্দ।
মুঠ ৪টা স্থানত অভিযান চলিছিল।
ইয়াৰে ভিতৰত গুৱাহাটীৰ দুটা স্থানত অভিযান চলিছিল।
গোটানগৰৰ আন এটা ফ্লেটটো অভিযান চলোৱা হৈছিল।
বৰপেটাৰ ভাড়াঘৰটো এৰি দিয়া নাছিল নূপুৰে।
সোণ, হীৰাৰ আ-অলংকাৰকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
তদন্তৰ বাবে নূপুৰ বৰাক লৈ যোৱা হৈছে CMVৰ মুখ্য কাৰ্যালয়লৈ।
২৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

