সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ (Sankar Gohain) সপ্তম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশন কাকপথাৰৰ ডিৰাক ৰাজহুৱা খেলপথাৰত ১২, ১৩ আৰু ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত ডিৰাক, কাকপথাৰ আঞ্চলিক সমিতি আৰু ডিৰাকবাসীৰ সহযোগত সদৌ অনুষ্ঠিত সপ্তম দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশনৰ মুকলি সভাত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা হয়। ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ মন্ত্রী বিমল বড়ালৈ আৰু বিশিষ্ট বুৰঞ্জীবিদ প্রয়াত ‘সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা’ দৈনন্দিন বার্তা কাকতৰ সম্পাদক শংকৰ গোহাঁইলৈ আগবঢ়োৱা হয়।
বঁটা প্ৰদানৰ পূৰ্বে মটক জনগোষ্ঠীৰ নাচনীসকলে পৰিৱেশন কৰা গছতলৰ বিহুৰ উদ্বোধন কৰে দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইয়ে। ইয়াৰ পাছতে মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি মুকলিকৈ পৰিৱেশন কৰে। অমৃত ৰাজখোৱাৰ কথা, সুৰ আৰু সংগীত পৰিচালনাৰে “স্বাগতম স্বাগতম সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ” শীৰ্ষক গীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰা হয়। মুকলি সভাত মটক জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, বীৰ লাচিত সেনা কেন্দ্ৰীয় সভাপতি ৰণ্টু পানীফুকন, টাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, টিএমপিকে কেন্দ্ৰীয় সভাপতি-সম্পাদক, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, মটক স্বায়ত্ত শাসিত পৰিষদৰ ডেভিড চেতিয়া, ধৰ্মপ্ৰসাদ কোঁৱৰ, দেৱৰ্ষি চেতিয়াসহ বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

