Viral Question Paper । নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম’বাইলত পোৱা গ’ল

নগাঁও জিলাত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী নহয়, নৱম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পৰীক্ষা আছিল। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই সামাজিক মাধ্যমত, বিশেষকৈ WhatsAppত ভাইৰেল হৈ পৰে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত।

সোত অনুসৰি, 6002602792 নম্বৰ ম’বাইল নম্বৰৰ WhatsAppৰ জৰিয়তে প্ৰশ্ন কাকতসমূহ ছাত্ৰ-ছাত্ৰীলৈ পঠিওৱা হৈছিল বুলি অভিযোগ উঠিছে। এই ঘটনাই অভিভাৱক আৰু শিক্ষানুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পৰীক্ষাৰ শুদ্ধতা আৰু শিক্ষাৰ গুণগত মানক লৈ পুনৰ একবাৰ চিন্তিত হৈ পৰিছে সকলো। স্থানীয় শিক্ষাবিভাগে এই ঘটনা গম্ভীৰভাৱে লৈ তদন্ত আৰম্ভ কৰাৰ দাবী জনাইছে বহুতে।


