মৰমৰ জুবিনক আজি গোটেই (Zubeen Garg) নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাই যে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে৷ আৰু এয়া স্বাভাৱিক৷ আমি সকলোৰে সেই আৱেগ-অনুভূতিক গভীৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ৷ সেয়েহে আজি গোটেই নিশা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব, যাতে আমাৰ হিয়াৰ আমঠু জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। কাইলৈও একেই উদ্দেশ্যৰে জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইতে ৰখা হ’ব।
আনহাতে জুবিনৰ অন্তিম যাত্ৰাত প্রায় ১০ লাখ অনুৰাগী। জুবিনৰ অন্তিম যাত্ৰাৰ সমদল বিশ্বৰ চতুৰ্থ সর্বোচ্চ বৃহৎ সমদল। প্রথম সমদল আছিল মাইকেল জেকচন, দ্বিতীয় আছিল ৰজা পোপ ফ্রেঞ্চিচ। তৃতীয় আছিল ৰাণী এলিজাবেথ ২ আৰু চতুর্থ আমাৰ মৰমৰ জুবিন গাৰ্গ।

