জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এতিয়া দলৰ সদস্য নহয়, নাই কোনো দায়িত্বতোঃ দিলীপ শইকীয়া

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সৈতে ঘনিষ্ঠভাবে জড়িত বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য বুলি চৰ্চা হৈ থকাৰ সময়তে সামাজিক মাধ্যমত বিভিন্নজনে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ।

ইফালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ নাম বিজেপিৰ সৈতে সাঙোৰ খোৱাৰ পিছত অস্বস্তিত পৰিছে বিজেপিও । জুবিন গার্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সিদ্ধার্থ শর্মা বিজেপিৰ সদস্য বুলি ওলোৱা দাবী সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । এই সন্দৰ্ভত দিলীপ শইকীয়াই কয়, ‘‘এই কথাটো ময়ো সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ জৰিয়তে শুনিছো । এই সন্দৰ্ভত মই পূৰ্বৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে কথা পাতিছিলো । সেই সময়ত হয়তো বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক কোষত তেওঁৰ নামটো আছিলে । কিন্তু কিছুদিনৰ বাবেহে । বিগত ৩০ বছৰ মই সক্ৰিয়ভাৱে বিজেপিৰ লগত আছো । কিন্তু তেওঁৰ মই কোনোদিন মুখামুখি হোৱা নাই।”

লগতে দিলীপ শইকীয়াই কয়, ‘‘এতিয়া তেওঁ কোনো দায়িত্বত নাই, সদস্যও নহয় ৷ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, তদন্তও চলি আছে । জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব ৷ দোষী কেতিয়াও সাৰি যাব নোৱাৰে ৷ কঠোৰতকৈ কঠোৰ শাস্তি পাব দোষীয়ে ৷শ্যামকানু মহন্তৰ সৈতে দিলীপ শইকীয়াৰ ফটো ওলোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, “মোৰেই এখন ফটো শ্যামকানু মহন্তৰ লগত থকা কালি কোনোবাই দিছে । যুৱ মৰ্চাৰ উদ্যোগত স্বামী বিবেকানন্দৰ স্মৃতিত যুৱ পুৰস্কাৰ দিছিলো । হয়তো সেই অনুষ্ঠানত মহন্তও আছিল । ৰাজনৈতিক ব্যক্তি হিচাপে মই বিভিন্ন সময়ত বিভিন্ন জনক লগ পাওঁ । বহুতেই ফটো উঠে ।” ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এনে বক্তব্যই এই বিষয়ত চৰ্চিত বিষয়সমূহক স্পষ্ট কৰিব পাৰিব বুলি বহুতে আশা প্ৰকাশ কৰিছে।

Related Articles