Zubeen । ১৯ অক্টোবৰত অসমবাসীৰ প্ৰিয় শিল্পী , অভিনেতা, সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ব। সমগ্ৰ ৰাজ্যতে অসমীয়া সংগীত, চিনেমা, সংস্কৃতিত অমলিন ছাপ এৰি থৈ যোৱা শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু হৈছে অনুৰাগী আৰু শুভাকাংক্ষীসকল।

প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত দীপাৱলীৰ আনন্দতো যতি পৰিছে। ৰাঝ্যৰ বিভিন্ন ঠাইত শিল্পীগৰাকীক সুঁৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ হঠাৎ মৃত্যুৱে অসম আৰু উত্তৰ-পূবক স্তম্ভিত কৰি তুলিছে । সুৱদী কণ্ঠ, শক্তিশালী অভিনয়, সামাজিক কামৰ বাবে পৰিচিত গাৰ্গৰ সকলো বয়সৰ লোকৰ সৈতে সংযোগ স্থাপনৰ এক বিৰল ক্ষমতা আছিল। অনুৰাগীসকলে তেওঁক কেৱল সংগীতজ্ঞ হিচাপেই নহয়, অসমীয়া গৌৰৱ আৰু পৰিচয়ৰ প্ৰতীক হিচাপে গ্যণ কৰি আহিছে। জুবিন গাৰ্গৰ গীতে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ মানৱীয় প্ৰচেষ্টাই অগণন জীৱনক স্পৰ্শ কৰিছে ।সমগ্ৰ অসমতে তেওঁৰ সন্মানত কেইবাটাও স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ শ্ৰদ্ধাঞ্জলি, অনুৰাগীৰ ভিডিঅ’ আৰু সংগীত তথা সমাজলৈ গাৰ্গৰ অৱদানক উজ্জ্বল কৰি তোলা বাৰ্তাৰে উপচি পৰিছে।

গুৱাহাটীত নাগৰিক গোট আৰু সাংস্কৃতিক সংগঠনসমূহে তেওঁৰ স্মৃতিসৌধৰ সমীপত চাকি জ্বলোৱাৰ পৰিকল্পনা কৰিছে, দীপাৱলীৰ উৎসৱমুখৰ মনোভাৱক এক আন্তৰিক স্মৃতি কাৰ্য্যৰ সৈতে একত্ৰিত কৰি। শিলচৰ, যোৰহাট, ডিব্ৰুগড়কে ধৰি অন্যান্য চহৰতো অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি জনসাধাৰণক শিল্পীগৰাকীক মৰ্যাদাৰে স্মৰণ কৰিবলৈ আহ্বান জনায়। জুবিন গাৰ্গ এজন শিল্পীতকৈও অধিক আছিল;তেওঁ আছিল অসমীয়া সংস্কৃতিৰ এক ঐক্যবদ্ধ শক্তি।আমি দীপাৱলী উদযাপন কৰাৰ সময়ত তেওঁৰ স্মৃতিক সন্মান জনাই তেওঁৰ উত্তৰাধিকাৰক হৃদয়ত লালন-পালন কৰি যাওঁ আহক।’

