২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ আশিস দাসক আজি ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান কৰা হয় । বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হয়। বৰবহা হাইস্কুলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও আৰু হোজাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেধাৱী ছাত্ৰ আশিস দাসক বঁটাটি প্ৰদান কৰে । বঁটা প্ৰদান কৰি দিয়া ভাষণত বিদ্যালয়সমূহৰ পৰিদৰ্শক নাথে পিতৄ , মাতৃ আৰু শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ছাত্ৰ – ছাত্ৰী সকলক অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় । প্ৰসংগ ক্ৰমে তেওঁ নিজৰ জীৱনৰ উদ্ধৃতিৰে ছাত্ৰ অৱস্থাত কঠোৰ শ্রমৰ মাজেৰে কেনেদৰে শিক্ষা গ্রহণ কৰিছিল সেই বিষয়ে ছাত্ৰ- ছাত্ৰী সকলক অৱগত কৰি সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংবাদিক জিতেন বৰকটকীয়ে প্ৰকৃত শিক্ষা আহৰণেৰে নিজকে প্ৰস্তুত কৰি সমাজৰ হিতৰ বাবে মনোনিৱেশ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । সভাত বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ হৈ আদৰণি ভাষন প্ৰদান কৰে বিভা বৰকটকীৰ কনিষ্ঠ পুত্র তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ইয়াৰ পূর্বে বিভা বৰকটকীৰ প্ৰতিচ্ছবিত বিশিষ্ট অতিথি সকলৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে সভাস্থলীত উপস্থিত থকা অঞ্চলটোৰ শ্ৰমজীৱি পাঁচ গৰাকী মহিলাক মাতৃ জ্ঞান কৰি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই একোটিকৈ উপহাৰ প্ৰদান কৰে । এই ক্ষেত্রত ড০ বৰকটকীক সহযোগ কৰে তেওঁৰ পত্নী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে। উল্লেখ্য যে বৰবহা অঞ্চলৰ প্ৰয়াত শিক্ষাবিদ তথা সমাজসেৱক নীলকান্ত বৰকটকীৰ পৰিবাৰ বিভা বৰকটকীৰ স্মৃতিত পৰিয়ালৰ লোকে বৰবহা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক বিগত তিনি বছৰে বিভা বৰকটকী বঁটা প্ৰদান কৰি আহিছে ।বঁটা প্ৰদান অনুষ্ঠানত বিভা বৰকটকীৰ জ্যেষ্ঠ পুত্র অনন্ত বৰকটকী, কনিষ্ঠ পুত্র ড০ শৰৎ বৰকটকী, বোৱাৰী দীপিকা লস্কৰ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক হিৰণ্য শৰ্মাৰ উপৰি বৰবহা হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । আনহাতে বিদ্যালয়খনত আজি দশম শ্রেণীৰ ছাত্র-ছাত্রী সকলৰ এখনি বিদায় সভাও অনুষ্ঠিত হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা…
- কটা ঘাঁত নিমখ নচটিয়াব…
- মৰিগাঁও ভূৰবন্ধাত সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ উদযাপনৰ অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন…
- আজি SI জোনমণি ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী, মাতৃৰ চকুত চকুলো…
- সাংস্কৃতিক জগতলৈ সু-খবৰ ! MARCHE DU FILM- Festival De Cannesত অনলাইনযোগে বিশেষ প্ৰদৰ্শনী হ’ব শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত জনসমাদৃত বোলছবি ‘মুঝে স্কুল নেহি জানা’…
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে সীমান্ত শেখৰ…
- আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস ! ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ…
- আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…
- মই জানো ইউনিফৰ্মৰ লগত নীতি-নিয়ম জড়িত হৈ থাকে, কিন্তু; প্ৰেম শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ…
- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, বেংক বিষয়া সুৰজিৎ দত্তৰ এলবাম ‘এটি নতুন ফাগুন’ শুভমুক্তি…