ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। (Fake doctor)
গোলাঘাটৰ দেৰগাঁৱত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৰঞ্জিত চন্দ্ৰ সেনক।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৰঞ্জিত চন্দ্ৰ সেন নামৰ ৫৭ বছৰীয়া ভুৱা আয়ুৰ্বেদিক চিকিৎসকজনক।
২০২৩ চনৰ পৰা হাজৰিকা আয়ুৰ্বেদিক নামৰ এটা প্ৰতিষ্ঠানত আয়ুৰ্বেদিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল এই ভুৱা চিকিৎসক জনে।
পূব কাৰ্বি-আংলঙ জিলাৰ পুৰণা বৰপথাৰৰ স্থায়ী বাসিন্দা ৰঞ্জিত চন্দ্ৰ সেন।
জানিব পৰা মতে কলিকতাৰ এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে তেওঁ আয়ুৰ্বেদিক চিকিৎসক হিচাপে কৰ্মৰত আছিল।
কিন্তু ২০২১ চনতে ভাৰত চৰকাৰে সেই চিকিৎসালয় খন নিষিদ্ধ ঘোষণা কৰিছিল।
আৰক্ষীৰ তথ্যৰ মতে Assam Medical councilৰ অধীনত তেওঁৰ কোনো ধৰণৰ পঞ্জীয়ন নাছিল।
সম্প্ৰতি ভুৱা চিকিৎসক জন দেৰগাঁও আৰক্ষী থানাৰ আলহী।

