Dr Jaykanta Sharma: অগ্রদূত ভৱনত ড° জয়কান্ত শৰ্মাৰ গ্ৰন্থ ‘গুৰু দক্ষিণা’ উন্মোচন

“সাম্প্ৰতিক বিভীষিকাময় (Dr Jaykanta Sharma) পৰিৱেশৰ মাজতো বৌদ্ধিক চর্চা অক্ষুন্ন ৰখা একাংশ মানুহৰ শুভ চিন্তাই সমাজখনক সদায়ে এক নতুন প্রত্যয়ৰে চাবলৈ শিকাই আহিছে। সেয়েহে এনে বৌদ্ধিক তথা সামাজিক ঐক্য আৰু সংহতিৰ বাবে কাম কৰা এই লেখকসকলক আমি নিঃসন্দেহে নতুন সমাজৰ একোজন ৰূপকাৰ বুলি ক’ব পাৰোঁ আৰু তেওঁলোকৰ মৌলিক গ্ৰন্থৰাজিক আমি নিঃসন্দেহে ক’ব লাগিব সমাজৰ আত্মা বুলি।” আজি অগ্রদূত ভৱনত ‘ভাষা প্রকাশন’ৰ দ্বাৰা প্ৰকাশিত আৰু গুৱাহাটীৰ বিশিষ্ট লেখক তথা গল্পকাৰ ড’ জয়কান্ত শৰ্মাৰ দ্বাৰা লিখিত ‘গুৰু দক্ষিণা’ শীর্ষক গল্প পুথি এখন উন্মোচন কৰি এই বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক সংবাদসূর্য ড° কনকসেন ডেকাই।

ভাষণ প্রসংগত কনকসেন ডেকাই সাহিত্যৰ বিভিন্ন দিশ সম্পর্কতো নাতিদীর্ঘ বক্তব্য ৰাখি সাহিত্যৰ মৰ্যাদা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰে। উক্ত গ্রন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সমালোচক তথা গৱেষক পণ্ডিত ড° গোবিন্দ প্রসাদ শর্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি গল্প সম্পৰ্কত বিভিন্ন মতামত দাঙি ধৰি লেখকগৰাকীক অভিনন্দন জনায়। ভাষণ প্রসংগত গোবিন্দ প্রসাদ শর্মাই ড° জয়কান্ত শৰ্মাৰ গল্প মানৱীয় চিন্তা আৰু চেতনাৰে সমৃদ্ধ বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱাৰ বিপৰীতে বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু সমালোচক ড° দয়ানন্দ পাঠকে জয়কান্ত শৰ্মাৰ গল্প ৰুচিশীল সাংস্কৃতিক মনৰ বহিঃপ্রকাশ বুলি উল্লেখ কৰাৰ লগতে লেখকগৰাকীয়ে দীর্ঘ সময় ধৰি মননশীল গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যৰ ভৰাঁল চহকী কৰা বুলিও উল্লেখ কৰি ‘গুৰু দক্ষিণা’ প্রকাশৰ প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখ্য যে ড° জয়কান্ত শর্মাই ‘প্রান্তিক’ৰ পাতত দীর্ঘ সময় ধৰি লেখা ভিন্ন স্বাদৰ গল্পসমূহ অসমীয়া গল্প সাহিত্যৰ বাবে এক আপৰুগীয়া সম্পদ। এই অনুষ্ঠানত ভিন্ন প্রান্তৰ পৰা অহা সাহিত্যকর্মীসকলৰ উপস্থিতিত আৰম্ভণিতে বিশিষ্ট অতিথিসকলক ‘ভাষা প্রকাশন’ৰ তৰফৰ পৰা আন্তৰিক আদৰণি জনোৱা হয়। সভাত উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গ্রন্থখনে নতুন চামক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰাৰ লগতে ড° জয়কান্ত শৰ্মাৰ গল্পই অনাগত দিনত এক নতুন মাত্রা লাভ কৰিব বুলি আশা প্রকাশ কৰে।

আনহাতে গ্রন্থকাৰ জয়কান্ত শৰ্মাই ‘প্রান্তিক’ৰ পাতত গল্প লিখাৰ পাতনি মেলি দীর্ঘ সময় প্রান্তিকৰ পাততেই গল্পকাৰ হিচাপে পৰিচিতি লাভ কৰাৰ মনোজ্ঞ কাহিনী ৰসালভাৱে উপস্থাপন কৰি সকলোকে মোহিত কৰে। ড° শৰ্মাই অনাগত দিনৰ কিছু পৰিকল্পনাও ব্যক্ত কৰে। সভাত ভাষা প্রকাশনৰ অধ্যক্ষ মুকুট শৰ্মায়ো নিজৰ বক্তব্য প্রদান কৰি সাহিত্য সমাজৰ দাপোণ বুলি মত প্রকাশ কৰি সাহিত্য কর্মইহে নতুন অসম গঢ়াত ভূমিকা ল’ব পাৰে বুলি মন্তব্য আগবঢ়াই। লগতে ড’ জয়কান্ত শৰ্মাৰ দৰে আশী বছৰ বয়সতো দুৰন্ত তৰুণ হৈ থকা লোকসকলৰ বাবেই সমাজখন সুন্দৰ হৈ থকা বুলি মনত প্রকাশ কৰে। এই গ্ৰন্থখনৰ উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি লিখকৰ এই প্রচেষ্টাক আদৰণি জনায়। এই গ্রন্থখন www.vashapublication.inত উপলব্ধ বুলিও প্রকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে।

Related Articles