অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ সন্মুখত সমবেত হৈ তিনিঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে’ পুনৰ ঘূৰাই দিয়াৰ দাবীক মুখ্য দাবী হিচাপে লৈ তামুলপুৰ মহাকুমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে দিনৰ এঘাৰ বজাৰ পৰা দুই বজালৈ তিনি ঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তঅংশগ্ৰহণ কাৰী শিক্ষক-শিকয়িত্ৰীসকলে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তি দিয়ক, স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক, অসম চৰকাৰ হায় হায়, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী জিন্দাবাদ ,শিক্ষক ঐক্য জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। নেতৃবৃন্দই প্ৰকাশ কৰা মতে ইতিপূৰ্বে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সতে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত ৩৭ বাৰকৈ আলোচনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে দুয়োটা দাবীৰ নায্যতা বুজি শিক্ষা আৰু বিত্ত বিভাগক দাবী পূৰণৰ নিৰ্দেশ দিছিল যদিও কাৰ্যকৰী নোহোৱাত বিগত ২২ জানুৱাৰী তাৰিখে ৰাজ্যৰ চল্লিশ সহস্ৰাধিক শিক্ষকে মুখ্য মন্ত্ৰীৰ বাসভৱনত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি সেইদিনাৰে পৰা সুদীৰ্ঘ বিশদিন বিত্তীয় লেনদেন আৰু তথ্য আদান-প্ৰদানৰ পৰা বিৰত থাকি আংশিক অসহযোগ পালন কৰিছিল। কিন্তু তাৰপিছতো বিষয়টোত কোনো মান্যতা প্ৰদান নকৰাত যোৱা বাজেট অধিৱেশনৰ দিনকেইটাত তিনি দিনীয়া পূৰ্ণ অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। তথাপি সমস্যা সমাধানৰ কোনো আদেশ প্ৰকাশ কৰা নোহোৱাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক ৰ কাৰ্যালয়ত তিনি ঘণ্টীয়া ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰি আদেশ প্ৰকাশৰ দাবী জনায়। ঘেৰাও কাৰ্যসূচীৰ অন্তত তামুলপুৰ মহকুমা শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তামুলপুৰ মহকুমা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই ঘেৰাও কাৰ্যসূচীত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি বলো ৰাম বড়ো,সাধাৰণ সম্পাদক বাৰহুংখা বড়ো,বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি উমেশ তালুকদাৰ, তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা দীনেশ দাস, তামুলপুৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সুৰেণ ৰাভা, বসন্ত তালুকদাৰ, নাৰায়ণ কলিতা প্ৰমুখ্যে শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…