সামাজিক মাধ্যমত বিশেষ পোষ্ট মানস ৰবীনৰ। (Zubeen Garg) সামাজিক মাধ্যমত মানস ৰবীনে লিখিছে-
‘গল্ডীদা
আজি তোমাৰ গানটো মই আৰম্ভ কৰিলো দেই ৯ আৰু ১০ তাৰিখে ডাবিং ৰাখিছো । ১২ তাৰিখে ভূপেশে মিক্স কৰিব । ১৩ তাৰিখে সৰুকে শ্বোটিং এটা ৰাখিম । ১৪ আৰু ১৫ ত এডিটিং …….
তোমাৰ বাৰ্থদেৰ আগত ৰেডি হৈ যাব দিয়া
নোৱাৰো কালিৰ পৰা মই ৰবীন আৰ্মীৰ কামত উজনি অসমত থাকিম । ইফালে যোৰহাটৰ তোমালোকৰ পুৰণা ঘৰৰ ৰাষ্টাটোত নাহৰ পুলি ৰোৱাৰ সম্পৰ্কত চন্দন নগৰৰ লৰাবোৰৰে কথা পাতিবলৈও আছে । গৰিমা বৌ , পামীক আজি লগ পাম । বাকী তোমাৰ চিনেমাই ফালি দিছে …
ফেন ক্লাবৰ লৰাবোৰে চিনেমাৰ ক্লিপ ভাইৰেল কৰা পেজ বোৰ ৰিপৰ্ট মাৰি উৰুৱাই আছে …..
আৰে কৈছো নহয় হৈ যাব , ১৮ তাৰিখৰ আগত গান পাই যাবা । মই তোমাৰ অমখ আহোমে কথা দিছো’

