পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য । Dipak Sarma

Dipak Sarma । প্ৰখ্যাত বাঁহীবাদক তথা সংগীত পৰিচালক দীপক শৰ্মাৰ মৃত্যুতে ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা এই বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুক অসমৰ সংগীত তথা সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে।

১৯৬৮ চনৰ ২৩ আগষ্ট তাৰিখে নলবাৰীৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা দীপক শৰ্মাই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী আৰু কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯২ চনৰ পৰা ভাৰতীয় বাঁহীৰ যাদুকৰ পণ্ডিত হৰিপ্ৰসাদ চৌৰসিয়াৰ তত্ত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰিছিল তেওঁ।

আকাশবাণীৰ বি-হাই গ্ৰেড শিল্পী দীপক শৰ্মা আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত সংগীত পৰিচালক আছিল। লগতে তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ দায়িত্বও পালন কৰিছিল। মুম্বাইত থকাৰ সময়তে তেওঁ দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল। তাৰ পাছত ছুইজাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ফ্ৰান্স আদিকে ধৰি ৪২খন দেশত বাঁহীৰ সুৰেৰে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

৫৭ বছৰ বয়সত নিঃশেষ হৈ গ’ল এই বিশ্ববন্দিত শিল্পীগৰাকী। দীপক শৰ্মাৰ নশ্বৰ দেহ আজি বিমানেৰে অসমলৈ অনা হয়। বিমানবন্দৰত বাঁহীবাদকৰ দলৰ শিল্পীসকলে বাঁহীৰ সুৰেৰে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেওঁৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ বাসগৃহলৈ লৈ অহা হয়। সন্ধিয়া নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় দীপক শৰ্মাৰ শেষকৃত্য।

অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত আছিল শিল্পীগৰাকীৰ অগণন গুণমুগ্ধ, ভক্ত আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি। সমগ্ৰ ৰাজ্যৰ সংগীতপ্ৰেমীয়ে আজিৰ দিনটোত গভীৰ বেদনা আৰু শোকত দীপক শৰ্মাক সাৱটিলে।

Related Articles